মন্দিয়াত ভূত বঙলাত পৰিণত আদর্শ বিদ্যালয়

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ পূৰ্বৰ জনিয়া সমষ্টি তথা বর্তমানৰ নৱগঠিত মন্দিয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰৰ কৰাৰকুৰৰ পুতৌলগা দৃশ্যই এতিয়া সচেতন ৰাইজৰ চকু কপালত তুলিছে। বেকী দলঙৰ কাষত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ এম এছ ডি পি তথা বর্তমানৰ প্রধানমন্ত্রী জনকল্যাণ বিকাশ যোজনাৰ অধীনত প্রায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা এখন আৱাসিক আদর্শ বিদ্যালয় এতিয়া অৰণ্যলৈ ৰূপান্তৰিত হৈছে। চৰকাৰী সদিচ্ছাৰ অভাৱত কোটিটকীয়া এই শিক্ষানুষ্ঠানখন এতিয়া 'ভূত বাংলা'ত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। 

প্রাপ্ত তথ্য মতে, ২০১৯ চনত তদানীন্তন মন্ত্ৰী ৰঞ্জিত দত্তই বৰপেটা লোক সভা সমষ্টিৰ তদানীন্তন সাংসদ আব্দুল খালেক আৰু জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ বাবে স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাইছিল। বিদ্যালয়খন স্থাপনৰ সময়ত উক্ত স্থানত বাস কৰা কেইবাগৰাকী স্থানীয় দৰিদ্ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ উচ্ছেদ কৰা হৈছিল। নিজৰ ভেটি-মাটি হেৰুৱাই দৰিদ্ৰ লোকসকলে কেৱল অঞ্চলটোৰ শৈক্ষিক উন্নতিৰ স্বাৰ্থত নীৰৱে সকলো সহ্য কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে আজি পর্যন্ত সেই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা কৰা নহ'ল। নিজৰ ঘৰ হেৰুৱাই এতিয়াও চৰকাৰী সাহায্যৰ বাবে বাট চাই আছে এইসকল নিৰীহ লোকে। 

জানিব পৰা মতে, বিদ্যালয়খনৰ ভৱন আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্রায় দুবছৰ পূৰ্বেই সম্পূৰ্ণ হৈছে। কিন্তু ৰহস্যজনকভাৱে আজিলৈকে বিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰা নহ'ল। ফলত বিদ্যালয় চৌহদত এতিয়া জাবি-জংঘল আৰু ঘাঁহ-বনে আৱৰি ধৰিছে। ৰক্ষণাবেক্ষণৰ অভাৱত ভৱনটোৰ বিভিন্ন অংশ ক্ষয় হ'বলৈ আৰম্ভ কৰিছে। চৌহদটো এতিয়া অসামাজিক লোকৰ আড্ডাস্থলী হৈ পৰাৰো আশংকা কৰা হৈছে। স্থানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে বিধানসভাৰ মজিয়াত কেইবাবাৰো এই বিদ্যালয়খন শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে যদিও কিন্তু দুর্ভাগ্যজনকভাবে চৰকাৰে এই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। প্রায় ৩০ কোটিটকীয়া এক বৃহৎ জনকল্যাণমূলক প্রকল্প এনেদৰে চৰকাৰী অৱহেলাত পৰি থকা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অঞ্চলবাসী ৰাইজ তথা বিভিন্ন দল-সংগঠনে চলিত শিক্ষাবৰ্ষৰ পৰাই বিদ্যালয়খনত আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভকৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা, স্থানীয় ৰাইজ আৰু দল-সংগঠনে একেলগ হৈ চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

Share This