ডিজিটেল ডেস্ক : অসমবাসীক গৌৰৱান্বিত কৰি নৃত্য প্রদর্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে কণমানি আধ্যাশ্রী উপাধ্যায়। ছনি টিভিয়ে আয়োজন কৰা ছুপাৰ ডেন্সাৰ চেপ্টাৰ ফাইভ (Super Dancer Chapter 5)ৰ বিজয়ী হৈছে চিলাপথাৰৰ ৮ বছৰীয়া কণমানি আধ্যাশ্রী। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় মনোৰঞ্জনধর্মী চেনেলটোত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব'ৰ প্ৰতিটো খণ্ডতে আধ্যাশ্রী উপাধ্যায়ে নিজৰ নৃত্য প্রতিভাৰে সকলোকে মন্ত্রমুগ্ধ কৰিছিল। ইয়াৰ পাছত দেওবাৰে অনুষ্ঠিত গেণ্ড ফাইনেলত আকর্ষণীয় নৃত্য প্রদর্শনেৰে তেওঁ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। Super Dancer Chapter-5 ত যুটীয়াভাৱে বিজয়ী হয় আধ্যাশ্রী উপাধ্যায় আৰু সুকৃতি পাল। আধ্যাশ্রীয়ে ট্ৰফীৰ লগতে লাভ কৰে ১০ লাখ টকাৰ নগদ ধন। দেশৰ প্ৰায় ২ লাখ প্রতিযোগীৰ মাজৰ পৰা শীৰ্ষ ১২ লৈ নির্বাচিত হৈছিল আধ্যাশ্রী।
ইফালে জুবিন গাৰ্গক ভাল পোৱা আধ্যাশ্রীয়ে এক ভিডিঅ' যোগে হার্টথ্র'বক সুঁৱৰি শোক প্রকাশ কৰি কয় যে অসমত উপস্থিত হৈয়ে প্রথমে তেওঁ সোণাপুৰত থকা জুবিনৰ সমাধিক্ষেত্ৰলৈ যাব। চিলাপথাৰৰ ফুলবাৰীৰ নিৱাসী মহেশ উপাধ্যায় আৰু ৰুণু উপাধ্যায়ৰ কন্যা আধ্যাশ্ৰীৰ এই সফলতাত গৌৰৱান্বিত অসমবাসী।
ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আধ্যাশ্রীক শুভেচ্ছা জনাই কয়- 'ছনী টিভিয়ে আয়োজন কৰা দেশৰ আগশাৰীৰ কিডছ ডান্স ৰিয়েলিটী শ্ব' ছুপাৰ ডেন্সাৰৰ পঞ্চম সংস্কৰণত আমাৰ মৰমৰ অসম কন্যা আধ্যাশ্রী উপাধ্যায়ে চেম্পিয়নৰ খিতাপ দখল কৰাৰ খবৰ লাভ কৰি আনন্দিত হৈছোঁ। প্রায় ২ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা চূড়ান্ত পর্যায়লৈ আহি এই বিশেষ কৃতিত্ব লাভ কৰা আধ্যাশ্রী উপাধ্যায়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আধ্যাশ্ৰীৰ ভৱিষ্যতৰ যাত্ৰা ইয়াতকৈও অধিক সুন্দৰ হওক, স্ব-প্ৰতিভাৰ জৰিয়তে নিজৰ লগতে আমাৰ ৰাজ্যৰ নাম সীমাৰ পৰিধি ভাঙি উজলাই তোলক, সেয়াই কামনা কৰিলোঁ।'