ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ মেৰাপানীৰ চাউদাংপথাৰৰ গটঙাচুকৰ যুৱক ৰূপম গগৈয়ে পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া পৃথিৱী গঢ়াৰ বাৰ্তা লৈ চাইকেল চলাই দেশ-বিদেশ ভ্রমণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে। নিজৰ আৰামৰ কথা নাভাবি কেৱল প্রকৃতি ৰক্ষাৰ আহ্বান লৈ আগবাঢ়িছে এই সাহসী যুৱকজন। ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই ব্যতিক্রমী চাইকেল যাত্ৰাত ৰূপমে ইতিমধ্যে হাজাৰ হাজাৰ কিল 'মিটাৰ পথ অতিক্ৰম কৰিছে। মেৰাপানীৰ পৰা আৰম্ভ হোৱা এই অভিযানত তেওঁ প্রথমে নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু তাৰ পাছত বিশ্বৰ অন্যতম দুর্গম অঞ্চল লেহ-লাডাখলৈ চাইকেল চলাই উপনীত হয়। দুর্গম পাহাৰীয়া পথ, তীব্র ঠাণ্ডা, অক্সিজেনৰ অভাৱ আৰু বৈৰী বতৰেও ৰখাব নোৱাৰিলে তেওঁৰ মনোবল।
শেহতীয়াকৈ পুনৰ এবাৰ সাহসিকতাৰ পৰিচয় দি প্রায় ৮২দিনীয়া দীঘলীয়া যাত্রাত ৬৮০০ কিল'মিটাৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ ৰাজধানী কলম্বোেত উপস্থিত হয় ৰূপম গগৈ। এই সমগ্র যাত্রাত তেওঁ প্রতিটো স্থানতে পৰিৱেশ সুৰক্ষা, গছ-গছনি সংৰক্ষণ, প্ৰদূষণমুক্ত জীৱনশৈলী আৰু সুস্থ সমাজ গঠনৰ আহ্বান জনাই আহিছে। ৰূপম গগৈৰ এই অভিযান কেৱল ব্যক্তিগত ভ্রমণ নহয়, ই এক সামাজিক সচেতনতা অভিযান হিচাপেও পৰিগণিত হৈছে। আজিৰ যুৱ সমাজক সুস্থ জীৱনশৈলী গ্ৰহণ, পৰিৱেশৰ প্রতি দায়বদ্ধ হোৱা আৰু লক্ষ্যৰ প্ৰতি অটল থাকিবলৈ অনুপ্রাণিত কৰিছে তেওঁৰ এই ব্যতিক্রমী পদক্ষেপে। ইয়াতেই শেষ হোৱা নাই তেওঁৰ সপোন। অহা জুলাই মাহত ৰূপমে পুনৰ আৰম্ভ কৰিব আন এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চাইকেল অভিযান। এইবাৰ তেওঁ লাউছ, ভিয়েটনাম, কম্বদিয়া, মালয়েছিয়া আৰু থাইলেণ্ড ভ্ৰমণৰ পৰিকল্পনা কৰিছে। এই যাত্ৰাৰ জৰিয়তে বিশ্ব মঞ্চত পুনৰ এবাৰ উচ্চাৰিত হ'ব অসমৰ এজন যুৱকৰ পৰিৱেশ বচোৱাৰ আহ্বান।
ইফালে, একমাত্ৰ পুত্ৰৰ এই সাহসী পদক্ষেপক লৈ গৌৰৱ অনুভৱ কৰিছে তেওঁৰ মাতৃয়েও। পুত্ৰৰ সপোন পূৰণৰ বাবে তেওঁ সকলো সময়তে মানসিক সাহস আৰু উৎসাহ যোগাই আহিছে। উল্লেখযোগ্য যে ৰূপম গগৈৰ এই আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সজাগতা অভিযান সফলভাৱে আগবঢ়াই নিয়াৰ বাবে আর্থিক আৰু প্রাতিষ্ঠানিক সহযোগিতাৰ যথেষ্ট প্রয়োজন আছে। সেয়েহে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থা, উদ্যোগপতি, সমাজসেৱী ব্যক্তি আৰু কৰ্প'ৰেট প্রতিষ্ঠানক এই সাহসী যুৱকজনৰ অভিযানত সহযোগিতাৰ হাত আগবঢ়াবলৈ সচেতন মহলে আহ্বান জনাইছে।