ডিজিটেল ডেস্ক: সাহিত্য অকাদেমিৰ উদ্যোগত আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহযোগত কালি সমিতিৰ তেজপুৰস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় 'অসমীয়া মহিলা লেখিকা সমাৰোহ' শীর্ষক সাহিত্যৰ অনুষ্ঠান।
ৰাজ্যখনৰ বিভিন্ন শাখাৰ লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সাহিত্য অকাদেমি বঁটা প্রাপক লেখক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দুটা সত্ৰত অনুষ্ঠিত এই কার্যসূচী সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবর্ণ শইকীয়া বৰদলৈ আৰু প্রধান সম্পাদিকা মনোমতী কুৰ্মিৰ লগতে তেজপুৰৰ প্ৰবীণ লেখিকা মায়া শৰ্মাৰ জৰিয়তে পদ্মশ্রী ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি আৰু বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে সাহিত্য অকাদেমিৰ কলকাতা আঞ্চলিক সম্পাদক তথা অসমীয়া ভাষাৰ সমন্বয়ক দেবেন্দ্ৰ কুমাৰ দেৱেশ আৰু সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই।
প্রধান সম্পাদিকা মনোমতী কুৰ্মিয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটো আৰম্ভ হয় সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সদস্যাসকলৰ 'চিৰ চেনেহী মোৰ ভাষা জননী' শীর্ষক গীতেৰে। সভানেত্রী সুবর্ণ শইকীয়া বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে দেবেন্দ্ৰ কুমাৰ দেৱেশে। লেখিকা সমাৰোহৰ অনুষ্ঠানত পুৰুষৰো সমান অংশগ্রহণ কামনা কৰি দেবেন্দ্ৰ কুমাৰ দেৱেশে বর্তমান সময়ত সকলো ক্ষেত্ৰতে পুৰুষ আৰু মহিলা সমানভাৱে যিহেতু আগবাঢ়ি গৈছে সেয়েহে এই অনুষ্ঠানটি অকল মহিলাৰ অনুষ্ঠান হৈ থাকিলে নহ'ব আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সকলো অনুষ্ঠানত পুৰুষ জড়িত হোৱাৰ পোষকতা কৰে।
আনহাতে, সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক, দেশ-বিদেশত সাত শতাধিক শাখা সমিতি থকা এনেধৰণৰ সাহিত্যকেন্দ্ৰিক মহিলাৰ সংগঠন সমগ্ৰ বিশ্বতে বিৰল বুলি মন্তব্য কৰে। সাহিত্যৰ আধুনিক তত্ত্বৰ পৰা সাম্প্ৰতিক সময়ৰ উত্তৰ আধুনিকতাবাদে ভাৰতীয় পৰম্পৰাগত সাহিত্যক নস্যাৎ কৰি পেলোৱাৰ বাবেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'শিল্পীৰ পৃথিৱী'ৰ দৰে মহৎ সৃষ্টিৰ ওপৰত নতুন প্ৰজন্মই বিগত ৭৫ বছৰে গৱেষণা নকৰাত 'শিল্পীৰ পৃথিৱী' উপেক্ষিত হৈ আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে।
জ্যোতিপ্ৰসাদ আগৰৱালাই শিল্পীৰ পৃথিৱীত প্ৰতিগৰাকী জনতাকেই শিল্পী বুলি উল্লেখ কৰা আৰু বিশ্ব শিল্পীৰ প্ৰসংগ উল্লেখ কৰি যোৱা প্ৰসংগৰে ১৯৫০ চনৰ পাছৰ সাহিত্যৰ আধুনিক ধাৰাৰ প্ৰভাৱৰ বাবেই 'শিল্পীৰ পৃথিৱী'ৰ দৰে মহৎ সৃষ্টিও আজি উপেক্ষিত বুলি আক্ষেপ প্রকাশ কৰে দিগন্ত বিশ্ব শৰ্মাই। নৱ বৈষ্ণৱ যুগৰ লগতে ভাৰতীয় সাহিত্যৰ পাঁচটা যুগৰ ওপৰত আলোকপাত কৰি শৰ্মাই পাশ্চাত্যৰ আধুনিক তত্ত্বত সেয়া আজি অপ্রাসংগিক হৈ পৰাটো দুর্ভাগ্যজনক বুলি কৈ সম্প্রতি সাহিত্যত উত্তৰ আধুনিকতাবাদৰ আগ্রাসন ঘটিছে বুলি কয়।
আমাৰ শিল্প-সাহিত্যৰ মূল আধাৰ হ'ল অথর্ববেদ। শিল্পীৰ পৃথিৱীৰ দ্বাৰা আমি পৰিচালিত হ'ব লাগিব। চিৰ সুন্দৰক আমি পৃথিৱীলৈ নমাই আনিব পাৰিব লাগিব আমাৰ সৃষ্টিকৰ্মেৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'মই বিপ্লৱী মই তাণ্ডৱী' অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ কবিতা বুলি মন্তব্য কৰে শৰ্মাই। তেজপুৰৰ প্ৰবীণ লেখিকা তথা শিক্ষাসদী মায়া শর্মাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অনুৰাধা শৰ্মা পূজাৰীৰ 'ইয়াত এখন অৰণ্য আছিল' উপন্যাসৰ ওপৰত আলোকপাত কৰে।
উপন্যাসখনৰ ২১টা চৰিত্ৰৰ বিভিন্ন দিশৰ সাৱলীল আলোচনা কৰে। আনহাতে, সভানেত্রী সুবর্ণ শইকীয়া বৰদলৈয়ে আগবঢ়োৱা ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিশেষ পুঁজি নাই যদিও মহিলাসকলৰ মনৰ পুঁজিৰেই সমিতি আজিও সমৃদ্ধ বুলি মন্তব্য কৰে। সভানেত্ৰীগৰাকীয়ে সমিতিয়ে বিভিন্ন সময়ত গ্ৰহণ কৰি অহা সমিতিৰ কৰ্মসূচীসমূহৰো খতিয়ান দাঙি ধৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে চুটি গল্প পাঠ অনুষ্ঠান আৰম্ভ হয়।
দৰং মহাবিদ্যালয়ৰ অধ্যাপিকা তথা লেখিকা ড° স্বপ্নালী কাকতীৰ সঞ্চালনাত অনুষ্ঠিত এই স্বৰচিত গল্প পাঠ অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ভাগ্যশ্রী গগৈ, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মৌচুমী দত্ত আৰু তেজপুৰৰ লেখিকা নিৰু নেওগ বৰাই গল্প পাঠ কৰে। সমাৰোহৰ দ্বিতীয় সত্রত বিয়লি বিশিষ্ট লেখিকা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রাক্তন সভানেত্রী ড° চাৰু চহৰীয়া নাথৰ সঞ্চালনাত অনুষ্ঠিত স্বৰচিত কবিতা পাঠ অনুষ্ঠানত কবি অৰ্চনা পূজাৰী, মিতালী গোস্বামী, মনালিছা শইকীয়া, প্রতিমা ৰাজখোৱা আৰু ৰাস্না ৰাজখোৱাই কবিতা পাঠ কৰে।