ডিজিটেল ডেস্ক: বিহুৰ পূৰ্বে এটা পৰ্যায়তে অনুষ্ঠিত হ'ব পাৰে আগন্তুক অসম বিধানসভা নির্বাচন। অহা মার্চ মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ পর্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় নির্বাচনী আয়োগৰ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত এটি দলে সোমবাৰে আহি অসমত উপস্থিত হৈছেহি। দলটোক কালি বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফ, অসম গণ পৰিষদ, বি পি এফ, চি পি আই (এম), ইউ পি পি এল আদিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি নিজ নিজ বক্তব্য আগবঢ়ায়। প্ৰায়বোৰ দলেই বিহুৰ আগতে নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। মাথো এ আই ইউ ডি এফেহে বিহুৰ পাছত নির্বাচন বিচাৰিছে।
আনহাতে মুখ্য নির্বাচনী আয়ুক্তগৰাকীক বিজেপি দলৰ প্ৰতিনিধি সাংসদ তথা ৰাজ্যিক নির্বাচনী কমিটীৰ আহ্বায়ক প্ৰদান বৰুৱা, শিক্ষামন্ত্রী তথা নির্বাচনী ইস্তাহাৰ সমিতিৰ আহ্বায়ক, বিধায়ক তথা ৰাজ্যিক কার্যনির্বাহক সদস্য সিদ্ধার্থ ভট্টাচার্য, ৰাজ্যিক নির্বাচনী কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি ডাউকাই বিহুৰ আগতে নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। দলটোৱে কয় যে অসমত যিহেতু ৰাস্তা-ঘাটৰ অৱস্থা বহুত ভাল হৈছে আৰু ৰাজ্যৰ পৰিস্থিতি শান্তিপূর্ণ সেইবাবে কম সময়ৰ ভিতৰতে নির্বাচনী প্রক্রিয়াটো সমাপ্ত কৰিব লাগে।
আনহাতে দেশৰ মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কেতবোৰ গুৰুতৰ অভিযোগ দাখিল কৰে। সাংসদ ৰকিবুল হুছেইন আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে মুখ্য নির্বাচনী আয়ুক্তক সাক্ষাৎ কৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত সাধাৰণ মানুহক চৰকাৰীভাৱে কেনেকৈ হাৰাশাস্তি কৰা হৈছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। এই সাক্ষাতৰ পাছত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ দুয়োজন নেতাই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নির্বাচন আয়োগে কিদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সেই সন্দর্ভত সবিশেষ তথ্য দাঙি ধৰে।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই সংবাদমেলত কয়, অসমত বিজেপি চৰকাৰখনে যিধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আৰক্ষী-প্ৰশাসনক চৰকাৰে অপব্যৱহাৰ কৰিছে সেয়া যদি বাহাল থাকে তেন্তে নির্বাচন যে স্বচ্ছ আৰু নিকা নহ'ব সেই কথাটোও নির্বাচন আয়োগক অৱগত কৰিছোঁ। তেওঁ লগতে কয়, আমি কৈছো যে উপ-নির্বাচন যেতিয়া চামগুৰিত হৈছিল তাত সন্ত্ৰাসৰ পৰিস্থিতি হৈছিল। সাংসদ ৰকিবুল হুছেইনক নিৰ্বাচনৰ আগত, প্ৰচাৰৰ সময়ত আৰু নিৰ্বাচনৰ পিছতো উপর্যুপৰি আক্ৰমণ কৰা হৈছিল। ঘৰত গৈ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰিছিল। শিৱামণি বৰা, নুৰুল হুদাকে ধৰি ৭গৰাকী বিধায়কৰ গাড়ী তেওঁলোকে আক্ৰমণ কৰি ভাঙি দিছিল। বিভিন্ন ঠাইত জোৰ-জবৰদস্তি ৰেগিং হৈছিল। এই কথাবোৰ আমি আয়োগক কৈছো। তেতিয়াও নির্বাচন আয়োগৰ আচৰণবিধি তাত কাৰ্যকৰী হৈ আছিল। কিন্তু প্রশাসন নির্বিকাৰ আছিল।'
সাংসদ হিচাপে ৰকিবুল হুছেইনে লোক সভাৰ অধ্যক্ষক তেওঁক আক্ৰমণৰ অভিযোগ দাখিল কৰিলে লোক সভাৰ অধ্যক্ষই অসমৰ গৃহ বিভাগযোগে বিহিত ব্যৱস্থা ল'বলৈ নির্দেশ দিছিল যদিও বিহিত ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নহ'ল। এজাহাৰ দাখিল হ'ল, গোচৰ ৰুজু হ'ল কিন্তু কোনো ব্যৱস্থাই গ্রহণ কৰা নহ'ল বুলিও বৰাই ক্ষোভ ব্যক্ত কৰে। বৰাই কয় যে জিলাখনত সেইজন আৰক্ষী অধীক্ষক এতিয়াও আছে। এনেদৰেই যদি প্রশাসন চলি থাকে তেন্তে স্বচ্ছ আৰু নিকা নির্বাচন নহয়। পঞ্চায়ত নির্বাচনৰ সময়ৰ কথাও আমি নির্বাচন আয়োগক অৱগত কৰো। শোণিতপুৰ জিলাত নদুৱাৰত কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰাৰ্থীক মনোনয়ন দাখিল কৰিবলৈ নিদিলে।
বি ডি অ'ৰ সন্মুখতে সেই সময়ৰ কংগ্ৰেছৰ জিলা সভাপতিক আক্ৰমণ কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা নল'লে। কিন্তু সেইজন আৰক্ষী অধীক্ষক শোণিতপুৰত আজিও আছে। আমি গৌৰৱ গগৈৰ যাত্ৰাৰ কথাও কৈছো। গৌৰৱ গগৈয়ে অসমজুৰি যি যাত্রা কৰিছে সেই যাত্রাতো বাধা দিয়া হৈছে। আমিনগাঁও, বটদ্ৰৱা থান, শোণিতপুৰ, বিহগুৰি, লখিমপুৰ মেডিকেল কলেজত বিজেপিৰ কৰ্মীয়ে বাধা দিছিল। মন্দিৰত সোমোৱাত বাধা দিছিল। আৰক্ষীৰ সম্মুখতে সকলো হৈছিল। কিন্তু আৰক্ষী নীৰৱ দৰ্শক হৈ আছিল। যদি আৰক্ষীয়ে নিৰপেক্ষভাৱে কাম নকৰে তেন্তে নির্বাচন কেতিয়াও নিকা নহয়। বৰাই কয় যে নির্বাচন আয়োগে প্রতিশ্রুতি দিছে যে ৰাজ্য চৰকাৰৰ ক্ষমতা চলি আছে, যিদিনাৰ পৰা ৰাজ্য চৰকাৰৰ কোনো ক্ষমতা নাথাকিব আৰু প্রশাসন নির্বাচন আয়োগৰ হাতলৈ আহিব সিদিনাই কেতিয়াও এনে কাণ্ড হ'বলৈ নিদিওঁ বুলি কৈছে।
আনহাতে, ৰাজনৈতিক দলে সভা পাতিলে টকা দিবলগীয়া হোৱা কথাটো অৱগত কৰা বুলিও জনায় ৰিপুন বৰাই। তেওঁ কয়, ৰাজনৈতিক দলে টকা দি সভাৰ অনুমতি ল'বলগীয়া হৈছে। যদি এখন সভা পাতিলে টকা দিব লাগে তেন্তে গণতন্ত্র ক'ত থাকিব? এটা অনুমতি ল'বৰ বাবে প্রথমে আৰক্ষী থানা, তাৰ পিছতে ডি চি, ডি চিৰ পৰা এছ পি, এছ পিৰ পৰা ডি চি আৰু ডি চিৰ পৰা ঘূৰি আহি থানা পায়। সভাৰ অনুমতি ল'বলৈ দীঘলীয়া ব্যৱস্থা। বিৰোধী দলক এনেকৈ হাৰাশাস্তি কৰা হৈছে। কিন্তু শাসকীয় দলক এইবোৰ নালাগে। আমি স্পষ্ট কৰি কৈছো যে নির্বাচনত কিন্তু এয়া নচলিব। আমি ২৪ ঘণ্টাৰ ভিতৰতে সভাৰ আয়োজন কৰিব লাগিব। ইমান ব্যৱস্থাৰ মাজেৰে আমি কেনেকৈ সভাৰ আয়োজন কৰিম। এই ব্যৱস্থা জাপি দিয়া মানেই হৈছে বিৰোধীক প্ৰচাৰ কৰিব নোৱৰা কৰা। স্বেচ্ছাচাৰী ক্ষমতা ব্যৱহাৰ কৰি ৰাজনৈতিক দলৰ যি সাংবিধানিক ক্ষমতা আছে, সেই ক্ষমতা নাইকিয়া কৰিব খুজিছে। আমি এছ আৰত কৰা হাৰাশাস্তিৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে এছ আৰত কেনেকৈ হস্তক্ষেপ কৰিছে সেই কথাও আমি জনাইছো।' আনহাতে, সংবাদমেলত ৰকিবুল হুছেইনে কয়, বিজেপিয়ে বিহুৰ আগতে নির্বাচন শেষ হোৱাটো বিচাৰিছে, অসমৰ ৰাইজে নহ'লে বিহু মঞ্চত জুবিন গাৰ্গলৈ মনত পেলাব।'
১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ব বুলি মুখ্যমন্ত্রীয়ে কেনেকৈ গম পাইছিল বুলিও হুছেইনে প্রশ্ন কৰে। হুছেইনে আৰু কয়, আমি মুখ্য নির্বাচনী আয়ুক্তক কৈছো যে দিল্লীত এখন সংবাদমেলত আপুনি অসমত এছআৰ নহয় বুলি কৈছিল। এছ আৰত যিবোৰ নথি চোৱা হয় সেই নথি এন আৰ চিত চোৱা হয় সেয়েহে অসমত এছ আৰৰ নহয়। আমি সকলোৱে এই সিদ্ধান্তক স্বাগতম জনাইছিলো। তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী গৰাকী দিল্লীলৈ গৈছিল আৰু এছ আৰ আৰম্ভ হৈছিল।' স্পেচিয়েল ৰিভিজন কাৰ হেঁচাত হৈছিল বলিও হুছেইনে প্রশ্ন কৰে।