ডিজিটেল ডেস্ক: ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা কালি সামাজিক মাধ্যমযোগে প্রকাশ কৰে। সাংবিধানিক নীতি ৰক্ষা কৰি তেওঁ ৰাজ্যৰ মহাধিবক্তাৰ পদ ত্যাগ কৰা বুলি প্রকাশ কৰে।
উল্লেখযোগ্য যে, বিগত চৰকাৰৰ সময়ত তেওঁক মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছিল। চৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ সমান্তৰালভাৱে তেওঁৰ মহাধিবক্তাৰ সাংবিধানিক পদৰ কাৰ্যকালৰো অন্ত পৰে। সেয়ে তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ কৰা বুলি প্রকাশ কৰে।
প্রণিধানযোগ্য যে নতুন চৰকাৰে দায়িত্ব গ্রহণ কৰাৰ পাছত পুনৰ মহাধিবক্তাৰ পদত নিযুক্তি প্রদান কৰিব।