১৫ বছৰৰ মূৰত চৰকাৰী আৱাস এৰিলে দেৱব্ৰত শইকীয়াই, বিধায়ক আৱাস দখলৰ প্ৰতিযোগিতা

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে দিছপুৰৰ বিধায়ক আৱাস দখলৰ এক অঘোষিত প্রতিযোগিতাত নামিল নতুন বিধায়কসকল। এইবাৰ পৰাজিত হোৱা বা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰা জনপ্রতিনিধিসকলে নিজ নিজ আৱাস খালী কৰিবলৈ পোৱাৰ পূৰ্বেই এতিয়াও শপত গ্রহণ কৰিবলৈ বাকী থকা নতুন জনপ্রতিনিধিসকলে নিজৰ পচন্দৰ আৱাসত নিজৰ নিজৰ ফলক আঁৰিবলৈ আৰম্ভ কৰিলে। 

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিটো সমষ্টিক প্রতিনিধিত্ব কৰি দিছপুৰলৈ অহা একাংশ জনপ্রতিনিধিক বিধায়ক আৱাস প্রদান কৰা হয়। প্রতিটো নির্বাচনতে একাংশ জনপ্রতিনিধিয়ে এনে আৱাস এৰি থৈ যাবলগীয়া হয়। একেদৰে একাংশ একেবাৰে নতুন জনপ্রতিনিধিয়ে এই আৱাসত প্ৰৱেশ কৰে। এইবাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে পৰাজিত বা প্রতিদ্বন্দ্বিতা নকৰা জনপ্রতিনিধিসকলে বিধায়ক আৱাস এৰিবলগীয়া হৈছে। কাৰণ কেইদিনমান পাছতে তাত নতুন বিধায়কৰ প্ৰৱেশ ঘটিব। 

ইতিমধ্যে ২০২৬ৰ নিৰ্বাচনত টিকট নোপোৱা প্রায় সংখ্যক বিধায়কেই দিছপুৰৰ চৰকাৰী আৱাস খালী কৰিছে। লক্ষণীয় যে, এইবাৰ নিৰ্বাচনত শাসক আৰু বিৰোধীৰ বহুকেইজন বিধায়ক টিকটৰ পৰা বঞ্চিত হ'ল। সেইসকলৰ অধিক সংখ্যকেই চৰকাৰী আৱাস খালী কৰাৰ পিছত এইবাৰ নিৰ্বাচনত পৰাজিত হোৱা সদ্যপ্ৰাক্তন বিধায়কসকলে চৰকাৰী বিধায়ক আৱাস এৰিবলৈ আৰম্ভ কৰিছে। 

লক্ষণীয় যে, এইবাৰৰ নিৰ্বাচনত পৰাজিত হোৱা অন্যতম গুৰুত্বপূৰ্ণ প্রার্থীগৰাকী হ'ল তিনিবাৰকৈ নাজিৰা সমষ্টিক প্রতিনিধিত্ব কৰি অহা তথা দুবাৰকৈ বিৰোধী দলপতিৰ দৰে গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত হোৱা দেৱব্ৰত শইকীয়া। সুদীর্ঘ ১৫ বছৰ দিছপুৰৰ বিধায়ক আৱাসত থকা দেৱব্ৰত শইকীয়াই কালি দিছপুৰ এৰিবলৈ সাজু হয়। কালি যাৱতীয় সা-সামগ্রী লৈ বিধায়ক আৱাস এৰি দেৱব্ৰত শইকীয়াই বহু সামগ্ৰী নিজৰ ঘৰলৈ নিবলৈ আৰম্ভ কৰে। পুত্রক এই প্রক্রিয়াত সহযোগ কৰে মাতৃ তথা প্রাক্তন মন্ত্রী হেমপ্রভা শইকীয়াই। তেওঁৰ লগতে আন কেইবাজনো পৰাজিত প্রাক্তন বিধায়কে চৰকাৰী বিধায়ক আৱাস এৰিবলৈ আৰম্ভ কৰিছে। 

ইফালে পৰাজিত বিধায়কে আৱাস খালী কৰাৰ পূৰ্বেই নৱ-নির্বাচিত বিধায়কে নিজৰ নিজৰ পচন্দৰ আৱাসত নিজৰ নামফলক লগাবলৈ আৰম্ভ কৰে। প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ চৰকাৰী বিধায়ক আৱাসত তিনিচুকীয়াৰ নৱ-নির্বাচিত বিজেপি বিধায়ক পুলক গোহাঁইৰ নামফলক আঁৰি দিয়া পৰিলক্ষিত হ'ল। সেইদৰে অগপৰ প্ৰাক্তন বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ আৱাসত বিলাসীপাৰাৰ নৱ-নির্বাচিত বিধায়ক জীৱেশ ৰয়ৰ নামফলক আঁৰি থোৱা পৰিলক্ষিত হ'ল। একেদৰে চৰকাৰী আৱাস এৰিবলগীয়া আন বহু প্রাক্তন বিধায়কৰ ঘৰৰ সন্মুখত নব-নির্বাচিত বিধায়কৰ নামফলক আঁৰি দিয়া হৈছে। 

প্রণিধানযোগ্য যে, এইবাৰৰ নিৰ্বাচনত মুঠ ১৭গৰাকীকৈ বিধায়কে পৰাজয়ৰ মুখ দেখিবলগীয়া হয়। ইয়াৰ ভিতৰত নাজিৰাত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, হাজো-শুৱালকুছিত নন্দিতা দাস, শিৱসাগৰত অগপৰ প্রদীপ হাজৰিকা, ৰূপহীহাটত এ আই ইউ ডি এফৰ আমিনুল ইছলাম, ভৱানীপুৰ-সৰভোগত চি পি এমৰ মনোৰঞ্জন তালুকদাৰ, মন্দিয়াত এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম, চেঙাত এ আই ইউ ডি এফৰ আশ্রাফুল হুছেইন, গৌৰীপুৰত এ আই ইউ ডি এফৰ মিজানুৰ ৰহমান, গোৱালপাৰা পূবত ৰাইজৰ দলৰ হৈ অৱতীৰ্ণ হোৱা কংগ্ৰেছী আব্দুৰ ৰচিদ মণ্ডল আৰু এ আই ইউ ডি এফৰ হাফিজ বছিৰ আহমেদ, আলগাপুৰ-কাটলিচেৰাত অগপৰ হৈ আৰু নিৰ্দলীয়ভাৱে নির্বাচনত নমা এ আই ইউ ডি এফৰ দুই বিধায়ক ক্রমে জাকিৰ হুছেইন লস্কৰ আৰু নিজামউদ্দিন চৌধুৰীৰ লগতে এ আই ইউ ডি এফৰ কাটলিচেৰাৰ বিধায়ক চুজামউদ্দিন লস্কৰ, জোনাইত অগপৰ হৈ প্রতিদ্বন্দ্বিতা কৰা এ আই ইউ ডি এফৰ কৰিম উদ্দিন বৰভূঞা পৰাজিত হয়। 

ইফালে বিজেপিৰ টিকট বঞ্চিত হৈ হাফলঙত প্রতিদ্বন্দ্বিতা কৰা মন্ত্ৰী নন্দিতা গার্লোছা আৰু কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰা ইউ পি পি এলৰ লৰেন্স ইছলাৰীও পৰাজিত হয়। ইফালে এইবাৰৰ নিৰ্বাচনত ৪৫ জন নতুন বিধায়ক হৈ দিছপুৰত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নির্বাচিত হোৱা প্রার্থীসকলৰ ভিতৰত ২৬ জন বিজেপিৰ, ৬ জন অগপৰ, ৩ জন বি পি এফৰ, কংগ্ৰেছৰ ৯ জন আৰু ৰাইজৰ দলৰ এজন আছে।

Share This