৩০ বছৰৰ পাছত ধুবুৰীত পুনৰ উদ্ধাৰ নেতাই ধুবুনীৰ পৱিত্ৰ পদচিহ্ন

Nikimoni Kachari February 23, 2026

ডিজিটেল ডেস্ক: অসমৰ ঐতিহাসিক ধুবুৰী চহৰত এক আৱেগিক তথা ঐতিহাসিক মুহূৰ্তৰ সূচনা হৈছে। ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক নেতাই ধুবুনী ঘাট। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ৩০ বছৰ পাছত নেতাই ধুবুনী ঘাটৰ শিলত পুনৰ দৃশ্যমান হৈ উঠিছে কিংবদন্তি নেতাই ধুবুনীৰ পৱিত্ৰ ভৰিৰ ছাপ।

লোকবিশ্বাস অনুসৰি, এই নেতাই ধুবুনীৰ নামৰ পৰাই "ধুবুৰী" চহৰৰ নামকৰণ হৈছিল। সুদীৰ্ঘ ৩০ বছৰ ধৰি পানী আৰু পলসৰ তলত পোত খাই থকা এই পদচিহ্ন পুনৰ উদ্ধাৰ হোৱাত সমগ্ৰ জিলাখনতে আনন্দৰ লহৰ উঠিছে।

উল্লেখযোগ্য যে স্থানীয় ৰাইজে এই আৱিষ্কাৰক কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ জিলাখনৰ সাংস্কৃতিক পুনৰুত্থানৰ এক ডাঙৰ সংকেত হিচাপে অভিহিত কৰিছে। সচেতন নাগৰিক তথা স্থানীয় দল-সংগঠনে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত এই পৱিত্ৰ স্থানক এক গুৰুত্বপূৰ্ণ ঐতিহ্যস্থলী হিচাপে ঘোষণা কৰি সঠিক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

প্ৰশাসনিক সূত্ৰই প্ৰকাশ কৰা মতে, এই স্থানখনে ভৱিষ্যতে পৰ্যটনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে। বৰ্তমান বহু ভক্ত আৰু কৌতূহলী লোকে এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হয়।

Share This