চন্দ্ৰযান-৩ৰ পিছত এইবাৰ   আদিত্য এল১ যানেৰে  সূৰ্য অভিযানত ওলাব ইছৰো

Kakali Deka August 14, 2023

 ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ  পিছত এইবাৰ পৰৱৰ্তী অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। আদিত্য এল১ যানৰ জড়িয়তে ইছৰোই  আৰম্ভ কৰিব  সূৰ্যৰ বিষয়ে অধ্যয়ন । এয়া হ’ব   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখন  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ কৰা হ’ব।   ইছৰোৱে যোৱা  ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰিছিল।  চন্দ্ৰৰ দক্ষিণ ফালে ৰভাৰৰ অৱতৰণৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। মহাকাশযানখনে এতিয়ালৈকে চন্দ্ৰৰ কক্ষপথত উপনীত হৈছে আৰু ২০ আগষ্টৰ আশে পাশে চন্দ্ৰপৃষ্ঠলৈ   নামি অহাৰ বাবে লেণ্ডাৰ মুকলি কৰি  দিব বুলি আশা কৰা হৈছে । চন্দ্ৰযান-৩-এ  ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ।ইপিনে ইছৰোৰৰ সূৰ্য  অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব। 
আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব।

Share This