ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ সংকটে বিশ্বৰ তেলৰ বজাৰত পুনৰ জুই লগোৱাৰ আশংকা কৰা হৈছে। হৰমুজ প্রণালীত চলি থকা সংকটৰ পাছত হুথী বিদ্রোহীয়ে লোহিত সাগৰ আৰু অডেন উপ-সাগৰক সংযোজিত কৰা বাব-আল-মণ্ডেব প্রণালী অৱৰোধ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে হুথী বিদ্রোহীয়ে ছৌডি আৰবৰ জাহাজৰ বাবেহে এই অৱৰোধ ঘোষণা কৰে। ইৰান সমর্থিত গোটটোৱে এই ঘোষণা কৰে হৰমুজ প্রণালীত চলি থকা সংকটৰ সময়তে। এই ঘোষণাই সমগ্র বিশ্বতে গভীৰ আশংকাৰ সৃষ্টি কৰিছে। হুথী বিদ্রোহীৰ এই ঘোষণাৰ পাছত বাব-আল-মণ্ডেব সাগৰীয় পথেৰে তেলৰ টেংকাৰ জাহাজৰ চলাচলত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এছ এণ্ড পি গ্ল'বেলৰ দৰে বিশেষজ্ঞ প্রতিষ্ঠানে এই বুলি বিশ্বক সতৰ্ক কৰি দিয়ে যে যদি হৰমুজৰ পাছতে এই প্রণালীৰে তেলৰ যোগান বন্ধ হৈ পৰে তেতিয়া বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম অভূতপূৰ্বভাৱে বৃদ্ধি পাব। এছ এণ্ড পি গ্ল'বেলৰ মতে ইয়াৰ ফলত ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ২০০ ডলাৰ পৰ্যন্ত হ'বগৈ পাৰে।
উল্লেখযোগ্য যে হৰমুজ প্রণালীৰে বিশ্বৰ মুঠ চাহিদাৰ ২০-২২ শতাংশ খাৰুৱা তেল যোগান ধৰা হয়। এই প্রণালীটোৰে জাহাজৰ চলাচল বন্ধ হৈ পৰাৰ প্ৰভাৱ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত পৰাটো নিশ্চিত। ইয়াৰ ফলত এই দেশবোৰত ইন্ধনৰ দাম বৃদ্ধি পাব আৰু ইয়াৰ লগে লগে মূল্য বৃদ্ধিৰো আশংকা বৃদ্ধি পাইছে। ইফালে এছ এণ্ড পি গ্ল'বেলে এই সতর্কবাণী শুনোৱাৰ সময়তে বিশ্বৰ আগশাৰীৰ বিনিয়োগ বেংক গ'ল্ড মেন ছাচ্ছে দিয়া আন এটা সতর্কবাণীয়ে বিশ্বক শংকিত কৰি তুলিছে। গ'ল্ড মেন ছাছে এই বুলি সতৰ্ক কৰি দিয়ে যে যদি হৰমুজ প্রণালীৰে খাৰুৱা তেলৰ যোগান অধিক দিনলৈ বন্ধ হৈ থাকে তেতিয়া বিশ্বত খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি পাব। বিনিয়োগ বেংকটোৰ মতে ইয়াৰ ফলত চলিত বছৰৰ চতুৰ্থ ত্রিমাসিকত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১২০ ডলাৰৰ সীমা পাৰ হ'ব। বেংকটোৰ মতে পশ্চিম এছিয়াত উত্তেজনা হ্রাস পালে খাৰুৱা তেলৰ দামো হ্রাস পাব।
উল্লেখযোগ্য যে ইৰান যুদ্ধৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৯১ ডলাৰ পৰ্যন্ত হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে পুনৰ দহ দিনৰ বাবে যুদ্ধ-বিৰতি ঘোষণা কৰিব পাৰে বুলি প্রকাশ পোৱাৰ পাছত কালি দাম হ্রাস পাই প্রতি বেৰলত ৮৮.১২ ডলাৰ হয়গৈ। আনহাতে আমেৰিকাৰ ইন্ধনৰ বজাৰত ইৰান যুদ্ধৰ প্ৰভাৱ ইতিমধ্যে পৰিছেই। কালি আমেৰিকাত পেট্ৰলৰ গড় দাম প্রতি গেলত চাৰি ডলাৰ হয়গৈ। উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ মধ্যস্থতাৰ প্রচেষ্টা চলোৱা বুলি আজি প্রকাশ পাইছে।