ডিজিটেল ডেস্কঃ সুৰৰ সম্ৰাজ্ঞী আশা ভোছলেৰ নাতিনী জনাই ভোছলে বৰ্তমান তেওঁৰ আগন্তুক চলচ্চিত্ৰ যাত্ৰাক লৈ চৰ্চাত আছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত জনাইয়ে তেওঁৰ আইতাকৰ পৰা লাভ কৰা এক অমূল্য জীৱন-দৰ্শনৰ কথা ৰাইজৰ আগত দাঙি ধৰে।
জনাইৰ মতে, আশা ভোঁচলেৰ এটা মূল মন্ত্ৰই তেওঁৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰি দিছে— আৰু সেইটো হ’ল: "যিয়েই নহওক কিয়, জীৱন আগুৱাই যাবই লাগিব" (Life must go on)।
জনাই ভোছলেয়ে কয় যে আইতাকৰ জীৱনটো কেৱল সফলতাৰে ভৰা নহয়, ই আছিল অদম্য সাহস আৰু সংগ্ৰামৰ এক নিদৰ্শন। আশা জীয়ে তেওঁক শিকাইছে যে ব্যক্তিগত জীৱনত যিমানেই ধুমুহা নাহক কিয়, এজন শিল্পীৰ বাবে তেওঁৰ কৰ্মই হ’ল প্ৰথম প্ৰাধান্য। জনাইয়ে উল্লেখ কৰে যে বহু কঠিন সময়তো আশা ভোছলেয়ে নিজৰ পেছাদাৰী দায়িত্বৰ পৰা আঁতৰি অহা নাছিল।
এক সাক্ষাৎকাৰটোত জনাইয়ে আইতাকৰ কৰ্মস্পৃহাৰ প্ৰশংসা কৰি কয়: "আইতাই সদায় বিশ্বাস কৰে যে সময় কাৰো বাবে ৰৈ নাথাকে। তেওঁ মোক শিকাইছে যে যেতিয়া আমি কামৰ মাজত থাকো, তেতিয়া আমি আমাৰ দুখ-বেদনা পাহৰি যাব লাগে। তেওঁৰ সেই অনুশাসনেই আজি তেওঁক এই পৰ্যায়ত উপনীত কৰাইছে।"
ৰূপালী পৰ্দাত জনাইৰ অভিষেক
সংগীতৰ পৰিৱেশত ডাঙৰ-দীঘল হ’লেও জনাইয়ে অভিনয়ৰ জৰিয়তে নিজৰ পৰিচয় গঢ়িবলৈ আগবাঢ়িছে। পৰিচালক সন্দীপ সিঙৰ ৱেব ছিৰিজ 'দ্য প্ৰাইড অৱ ভাৰত: ছত্ৰপতি শিৱাজী মহাৰাজ'ত তেওঁক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই ঐতিহাসিক ছবিত তেওঁ শিৱাজী মহাৰাজৰ পত্নী ৰাণী চৈয়াবাইৰ ভূমিকা পালন কৰিব।
আইতাকৰ আশীৰ্বাদ আৰু শিকনি বুকুত বান্ধি জনাইয়ে এতিয়া বলিউডত নিজৰ খোজ পেলাবলৈ সাজু হৈছে। তেওঁ আশাবাদী যে আইতাকে শিকোৱা "সদায় আগবাঢ়ি যোৱা"ৰ মন্ত্ৰটোৱে তেওঁক কেৰিয়াৰৰ প্ৰত্যেকটো খোজতে সহায় কৰিব।
উৎস: প্ৰাগ নিউজ ডিজিটেল