ছাইয়াৰাৰ নায়িকাৰ নতুন যাত্ৰা; ৰূপালী পৰ্দাৰ পাছত এইবাৰ OTT-ত অনীত পাদ্দা! 

Rashmi July 28, 2025

ডিজিটেল ডেস্ক : অভিলেখ ভংগকাৰী প্ৰথম ছবি ছাইয়াৰাৰ জৰিয়তে বলিউডত নিজকে প্ৰতিষ্ঠা কৰা অনীত পদ্দা পৰৱৰ্তী অ' টি টিলৈ যাব।  শেহতীয়াকৈ অনুৰাগীৰ মাজত বিশেষভাৱে চৰ্চিত হৈ পৰা ছবি হ'ল ছাইয়াৰা। বৰ্তমান চিনেমা গৃহত দৰ্শকে ভিৰ কৰিছে ছাইয়াৰাৰ বাবে ।

আহান পাণ্ডে অভিনীত ছাইয়াৰাই মাত্ৰ ১০ দিনত ২৪৮.৪৩ কোটি টকা উপাৰ্জন কৰিছে আৰু সপ্তাহৰ শেষলৈকে ৩০০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

নিত্যা মেহৰাৰ দ্বাৰা পৰিচালিত আৰু কৰণ কাপাদিয়াৰ সৈতে প্ৰযোজনা কৰা ন্যায়া হৈছে বাস্তৱ পৰিঘটনাৰ আধাৰত নিৰ্মিত কাল্পনিক ধাৰাবাহিক। বাস্তৱ জীৱনৰ ঘটনাৰ আধাৰত নিৰ্মিত ধাৰাবাহিক ন্যায়াত ফাতিমা ছানা শ্বেইখ আৰু অৰ্জুন মাথুৰৰ সৈতে অভিনয় কৰিব অনীতে।

এক প্ৰতিবেদন অনুসৰি যোৱা বছৰ এই ৱেব ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু অতি সোনকালে ইয়াৰ প্ৰিমিয়াৰ হ’ব অ’ টি টিৰ এটা ডাঙৰ প্লেটফৰ্মত।
বিশ্বাস আৰু আইনৰ জটিলতাৰ বিষয়ে ই এক আকৰ্ষণীয় কাহিনী হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

 প্ৰতিবেদনত কোৱা হৈছে যে ফাতিমাই ন্যায়ত এগৰাকী দৃঢ়প্ৰতিজ্ঞ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অনীতে এজন শক্তিশালী আধ্যাত্মিক নেতাৰ যৌন নিৰ্যাতনৰ পিছত ন্যায়ৰ বাবে যুঁজি থকা এগৰাকী ১৭ বছৰীয়া ছোৱালীৰ ভূমিকা গ্ৰহণ কৰিছে।

অৱশ্যে যশৰাজ ফিল্মছৰ ছাইয়াৰাক চুক্তিবদ্ধ কৰাৰ পূৰ্বেই ন্যায়াৰ শ্বুটিং সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে। 


অনুৰাগীসকলৰ আনন্দৰ বিষয় যে চলচ্চিত্ৰ উদ্যোগৰ সূত্ৰই অনীত পদ্দাক “ডাঙৰ পৰ্দাৰ নায়িকা” বুলি অভিহিত কৰিছে আৰু কয় যে তেওঁৰ অ’ টি টি প্ৰজেক্টে তেওঁৰ কেৰিয়াৰৰ গতিপথৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় ।

ছাইয়াৰা ৪০০ কোটি টকাৰ উপাৰ্জনৰ দিশে গতি কৰাৰ বাবে ৱাই আৰ এফে অনীতক বলিউডৰ নতুন প্ৰজন্মৰ তাৰকাৰ মুখ হিচাপে স্থান দিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This