উজনিৰ পাছত এইবাৰ নামনি, ৭০% পর্যন্ত বৃদ্ধি পাব বাছ ভাৰা

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : উজনিৰ পাছত এইবাৰ নামনিৰ যাত্ৰীসকলেও ভৰিব লাগিব বর্ধিত বাছ ভাৰা। ইমান দিনে উজনিমুৱা বাছসমূহৰহে ভাৰা বাঢ়িছিল যদিও এইবাৰ নামনি অসমৰ বাছসমূহৰ ভাৰাও ৭০ শতাংশ পর্যন্ত বৃদ্ধি পাব। কালি এই কথা জানিবলৈ দিছে নামনি অসম বাছ মালিক সন্থাই। 

উল্লেখযোগ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই বাছ ভাৰা বৃদ্ধিৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত এতিয়া নামনি অসমৰ প্ৰতিখন জিলাৰ পৰিবহণ সন্থাই কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। কেৱল ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিয়েই নহয়, বাছৰ ন্যূনতম ভাৰা এতিয়াৰ পৰা ২০ টকা ধাৰ্য কৰা হৈছে। এই বৃদ্ধিৰ ফলত গুৱাহাটীৰ পৰা পাঠশালাকে ধৰি যিবিলাক ঠাইলৈ বাছ ভাৰা ১০০ টকা আছিল, সেই ভাৰা এতিয়া ১৭০ টকালৈ বৃদ্ধি পাব। 

সদৌ অসম মটৰ পৰিবহণ সন্থাই ২ জুনতে পৰিবহণ আয়ুক্তলৈ ৭০ শতাংশ বাছ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ দি এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত এই বুলি উল্লেখ কৰা হৈছিল যে যদিহে ১ জুলাইৰ পৰা বাছ ভাৰা বৃদ্ধি নহয়, তেনেহ'লে বাছ মালিকসকলে বাছ সেৱা বন্ধ কৰি আন্দোলনৰ পথ ল'ব। গতিকে এতিয়াই যদি পৰিবহণ আয়ুক্তই মটৰ পৰিবহণ সন্থাসমূহৰ লগত আলোচনা কৰি ৰাইজৰ মূৰত মাধমাৰ নপৰাকৈ এক সমাধানসূত্ৰ উলিয়াব নোৱাৰে, তেনেহ'লে অনাগত সময়ত ৰাজ্যত জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

Share This