ধ্বংসস্তূপৰ চাৰিওদিশে সিঁচৰতি হৈ পৰি আছিল দগ্ধ অর্ধদগ্ধ মৃতদেহবোৰ

dainik janambhumi June 13, 2025

ডিজিটেল ডেস্ক : গুজৰাটৰ পৰা লণ্ডনৰ গেটউইক অভিমুখী ২৪২জন যাত্রী কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমানখন বৃহস্পতিবাৰে বিয়লি দুর্ঘটনাগ্রস্ত হয়। আহমেদাবাদ বিমান বন্দৰৰ পৰা উৰণৰ কেইমিনিটমানৰ পাছতেই বিমানখন দুর্ঘটনাত পতিত হৈ আহমেদাবাদৰ এটা আবাসিক অঞ্চলৰ সাত মহলীয়া ভৱনত পৰি ভস্মীভূত হয়। আহমেদাবাদৰ ৱানৱে' ২৩ৰ পৰা দুপৰীয়া ১-৩৯ বজাত লণ্ডন অভিমুখে উৰা মৰাৰ পাছতেই কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুর্ঘটনাত পতিত হয়। বিমানখন দুর্ঘটনাত পতিত হৈ সাত মহলীয়া ভৱনটোত পৰি ভস্মীভূত হোৱালৈকে বহু প্রত্যক্ষদর্শীয়ে দৃশ্যটো স্বচক্ষে প্রত্যক্ষ কৰিছিল। ইয়াৰ মাজৰে এজন প্রত্যক্ষদর্শীয়ে এই ভয়ংকৰ চাক্ষুষ অভিজ্ঞতাৰ বৰ্ণনা দিয়ে। ভয়ংকৰ বিমান দুর্ঘটনাটোৰ পাছত এলেকাটোৰ চাৰিওদিশে কেৱল ধ্বংসস্তূপ আৰু মৃতদেহবোৰ পৰি থকাৰ বিষয়ে প্রত্যক্ষদর্শীজনে মন্তব্য কৰে। 

প্ৰত্যক্ষদর্শীজনে কয়, 'মই তেতিয়া ঘৰত আছিলোঁ আৰু সেই সময়তে মই এটা প্রবল শব্দ শুনো। কি হৈছে চাবলৈ বাহিৰলৈ ওলাই আহোঁতে মই দেখোঁ যে বাহিৰত চাৰিওফালে ঘন ধোঁৱাই আৱৰি ধৰিছে। তাৰ পাছতে লক্ষ্য কৰোঁ যে চূর্ণ-বিচূর্ণ হোৱা বিমানখনৰ ধ্বংসস্তূপ আৰু মৃতদেহবোৰ চাৰিওফালে সিঁচৰতি হৈ আছে।' আন এগৰাকী প্রত্যক্ষদর্শীয়ে কয় যে এখন হোষ্টেলৰ বিল্ডিংটোত বিমানখন দুর্ঘটনাত পতিত হৈছে আৰু সেই বিল্ডিংটোতেই তেওঁৰ পুত্ৰ আছে। ৰমিলা নামৰ প্ৰত্যক্ষদর্শীগৰাকীয়ে কয়, 'মোৰ ল'ৰাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ হোষ্টেলটোলৈ যোৱাৰ সময়ত বিমানখন আহি হোষ্টেলটোৰ ভৱনৰ ওপৰত পৰে। মোৰ ল'ৰা নিৰাপদে আছে, মই তাৰ লগত কথা পাতিছোঁ। মোৰ ল'ৰাই দ্বিতীয় মহলাৰ পৰা জাঁপ মাৰি দিয়াৰ বাবে কেনেবাকৈ ৰক্ষা পালে। মোৰ ল'ৰাই গুৰুতৰভাৱে আঘাত পাইছে।' 

আন এজন প্রত্যক্ষদর্শীয়ে কয়, 'দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুর্ঘটনাস্থলীৰ পৰা মাত্র ২০০ মিটাৰ আঁতৰত আছিলোঁ। এটা বিশাল শব্দ শুনাৰ পাছত মই কাৰ্যালয়ৰ পৰা ওলাই গ'লোঁ। তাৰ পাছতে লক্ষ্য কৰিলোঁ চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা। ইয়াৰ পাছতহে মই গম পালোঁ কিবা দুর্ঘটনা হৈছে। মই যেতিয়া ঘটনাস্থলীত উপস্থিত হ'লোঁ, তেতিয়া দেখিলোঁ চাৰিওফালে ধ্বংসাবশেষ সিঁচৰতি হৈ আছে। জুই আৰু ধোঁৱাই ভৱনটো আগুৰি ধৰিছে। মই একো মণিব পৰা নাই, কিন্তু গম পালোঁ বিমান এখনৰ এটা অংশ ইয়াত পৰিছেহি- বিমান এখন দুর্ঘটনাগ্রস্ত হৈছে। কিমান লোক হতাহত হৈছে নাজানো, কিন্তু এটা কথা গম পাওঁ যে বিমানখন যিটো ভৱনত পৰি দুৰ্ঘটনাগ্রস্ত হৈছে, সেই ভৱনটোত ওচৰৰ হস্পিটেলখনৰ চিকিৎসকসকল থাকে।' 

হৰ্ষিত নামৰ এজন মেডিকেলৰ ছাত্রই এই ভয়ংকৰ বিমান দুর্ঘটনাটোৰ বিষয়ে কয়, 'বিমানখনে মই থকা বিল্ডিংটোৰ কাষৰ বিল্ডিংটোত পৰি দুৰ্ঘটনাগ্রস্ত হোৱাৰ সময়ত মই দুপৰীয়াৰ আহাৰ খাই আছিলোঁ।' হৰ্ষিতৰ বন্ধু এজন দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ হস্পিটেলত ভর্তি হৈছে। হর্ষিতে কয় যে দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত এটা প্রচণ্ড শব্দ হয় আৰু ভূমিকম্পৰ জোকাৰণিৰ দৰে সমগ্ৰ ভৱনটো কঁপি উঠে আৰু ইয়াৰ পাছতে ভৱনটোৰ চাৰিওফালে জুই আৰু কলা ধোঁৱাই আৱৰি ধৰে।

Share This