ডিজিটেল ডেস্ক: বিবাহৰ প্ৰস্তাৱ নাকচ কৰা বাবে AIৰ সহায়ত যুৱতীৰ অশ্লীল ছবি প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে কাছাৰৰ এজন যুৱকে। যুৱকজনে হায়দৰাবাদৰ এটা কোম্পানীত ৰান্ধনী হিচাপে কাম কৰে। যুৱকজন ৰাতাবাৰী ভেটাৰবন্দ অঞ্চলৰ ৰিপন নাথ।
AI ব্যৱহাৰ কৰি যুৱতীগৰাকীৰ ভুৱা আৰু অশ্লীল ছবি প্ৰচাৰ কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত অৱশেষত হায়দৰাবাদৰ পৰা ৰিপন নাথক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ গুমৰা তদন্ত কেন্দ্ৰই।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনে প্ৰথমে এগৰাকী যুৱতীৰ ম'বাইল নম্বৰ সংগ্ৰহ কৰি বিবাহৰ প্ৰস্তাৱ দিছিল। প্ৰস্তাৱ নাকচ হোৱাৰ পাছত তেওঁ প্ৰতিশোধমূলকভাৱে ফেচবুকত ভুৱা একাউণ্ট খুলি এ আইৰ সহায়ত বিকৃত আৰু অশ্লীল ছবি তৈয়াৰ কৰি প্ৰচাৰ কৰে আৰু দীঘলীয়া সময় ধৰি অনলাইনত হাৰাশাস্তি চলাইছিল।
ভুক্তভোগী যুৱতীগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত ম'বাইল লোকেশ্যন ট্ৰেক কৰি এছ আই অৰিন্দম ভৰদ্বাজৰ নেতৃত্বত আৰক্ষীৰ বিশেষ দলে হায়দৰাবাদত অভিযান চলাই অভিযুক্ত ৰিপন নাথক গ্ৰেপ্তাৰ কৰে।
প্ৰাথমিক জেৰাত তেওঁ ব্লেকমেইল কৰাৰ উদ্দেশ্যে এই কাম কৰা বুলি স্বীকাৰ কৰিছে। তদন্তত আৰু দুই-তিনিগৰাকী মহিলাক একেধৰণে হাৰাশাস্তি কৰা তথ্য পোৱা গৈছে। আৰক্ষীয়ে জনায় যে AIৰ ফলত চাইবাৰ অপৰাধ বৃদ্ধি পাইছে, সেয়ে সকলোকে সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল