ডিজিটেল ডেস্ক : ইমান দিনে কৃত্রিম বুদ্ধিমত্তা এ আইৰ ভয়ংকৰ পৰিণাম কি হ'ব পাৰে, সেয়া আলোচনাহে হৈ আছিল আৰু বিশেষজ্ঞই কৃত্রিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা ভয়ংকৰ পৰিস্থিতিৰ বিৰুদ্ধে সতৰ্কহে কৰি আছিল। কিন্তু এইবাৰ গুৱাহাটীৰ দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ অপপ্রয়োগ কৰি সংঘটিত হোৱা ভয়ংকৰ আৰু জঘন্য ঘটনাই প্ৰমাণ কৰি দিলে যে কৃত্রিম বুদ্ধিমত্তাৰ অপপ্রয়োগে সমাজখন কিমান বিষাক্ত কৰি তুলিব পাৰে।
গুৱাহাটীৰ দুখন বিখ্যাত আৰু সম্ভ্রান্ত বিদ্যালয় ক্রমে ডি পি এছ গুৱাহাটী আৰু এছ এফ এছৰ একাংশ ছাত্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু ডীপফেকৰ ব্যৱহাৰ কৰি বিদ্যালয় দুখনৰে একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ নগ্ন ফটো আৰু ভিডিঅ' প্রস্তুত কৰি উলিয়ায়। তাতোকৈ ডাঙৰ কথা যে একাংশ ছাত্ৰৰ মানসিকতা কিমান জঘন্য পর্যায়লৈ গতি কৰিছে সেয়া প্রমাণিত হ'ল তেতিয়াহে যেতিয়া এনেদৰে এ আইৰ সহায়ত প্রস্তুত কৰা সহপাঠী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ' আৰু ফটো ৫০ৰ পৰা ১০০ টকাত অনলাইনযোগে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে।
এ আইৰ প্ৰয়োগ কেৱল 'পর্ণগ্রাফী'তে সীমাবদ্ধ কৰি ৰখা এইবোৰ ছাত্ৰই নিজৰ লগতে সামগ্রিকভাৱে সমাজখনৰ ভৱিষ্যতো সংকটপূর্ণ কৰি তুলিছে। ইফালে, এই ঘটনাৰ তীব্র প্রতিবাদ হোৱাৰ পাছতে বিদ্যালয় দুখনৰ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো চাইল্ড এবিউজ মনিটৰিং কমিটীক তদন্ত কৰিবলৈ দায়িত্ব দিয়ে। বর্তমান বিদ্যালয় দুখনে নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰখাৰ লগতে এই ঘটনাত জড়িত ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত কৰি বিষয়টো অভিভাৱকসকলৰ দৃষ্টিগোচৰ কৰে।
বিদ্যালয় কর্তৃপক্ষই তাৎক্ষণিকভাৱে এই ঘটনাৰ লগত জড়িত থকা কেইবাজনো ছাত্রক নিলম্বন কৰিছে আৰু এনে ধৰণৰৰ জঘন্য ঘটনা, বিশেষকৈ অনলাইন প্লেটফৰ্মত প্ৰযুক্তিৰ অপপ্রয়োগেৰে অশ্লীলতা বিয়পোৱা কাৰ্যক কেতিয়াও ক্ষমা কৰা নহ'ব বুলিও বিবৃতি দিছে। কিন্তু সম্ভ্রান্ত আৰু বিত্তৱান অভিভাৱকৰ এনে অপৰাধী সন্তানৰ বিৰুদ্ধে ব্যক্তিগত খণ্ডৰ বিদ্যালয় দুখনে কিমান কঠোৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে সেয়া সময়েহে ক'ব। কিন্তু এই ঘটনাই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে একাংশ বিত্তৱান পৰিয়ালৰ সন্তানৰ ভাবিব নোৱাৰাকৈ মানসিক স্খলন ঘটিছে আৰু ইয়াত সাৰ-পানী যোগাইছে উন্নত প্রযুক্তিয়ে।