এ আইৰ জৰিয়তে উদ্ধাৰ চন্দ্ৰত সন্ধানহীন হোৱা মহাকাশ যান, ৰুছ মহাকাশ বিজ্ঞানীৰ সফলতা

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক : প্রায় ছয় দশক পূর্বে মহাকাশত সন্ধানহীন হোৱা মহাকাশ যান এখনৰ সন্ধান উলিয়ালে কৃত্রিম বুদ্ধিমত্তাই (এ আই)। প্রযুক্তি বিদ্যাৰ শেহতীয়া উদ্ভাৱন তথা বিজ্ঞানৰ নৱতম সৃষ্টি এ আইৰ পৰিসৰ পৃথিৱীতে সীমাবদ্ধ থকা নাই। ই সমগ্র বিশ্বব্রহ্মাণ্ডকে সামৰি লোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। 

 

ৰাছিয়াৰ মহাকাশ বিজ্ঞানীসকলে এ আইৰ জৰিয়তে চলোৱা এক অভিযানত চন্দ্ৰৰ বুকুত ১৯৬৬ চনতে সন্ধানহীন হোৱা লুনা-৯ মহাকাশ যানখনৰ সন্ধান লাভ কৰিছে। উল্লেখযোগ্য যে ১৯৬৬ চনৰ ৩ ফেব্ৰুৱাৰীত অধুনালুপ্ত ছোভিয়েট ৰাছিয়াৰ মহাকাশ যানখনে চন্দ্ৰত অৱতৰণ কৰিছিল। চন্দ্ৰৰ ভূ পৃষ্ঠত আলোকচিত্র সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা প্ৰথমখন মানৱবিহীন মহাকাশযান আছিল লুনা-৯। 

 

কিন্তু অৱতৰণৰ কেইদিনমানৰ পাছতে পৃথিৱীৰে সংযোগ বিচ্ছিন্ন হৈ পৰে। ক্ষুদ্ৰাকৃতিৰ মহাকাশ যানসমূহ বৃহৎ কক্ষপথত চিনাক্তকৰণৰ সঠিক ব্যৱস্থা সেই সময়ত নথকাত যানখন বিচাৰি পোৱা নগ'ল। কিন্তু বিজ্ঞানৰ শেহতীয়া বিস্ময় এ আইৰ জৰিয়তে সেয়া সম্ভৱ হৈ উঠিল। অৱশেষত চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীলৈ আলোকচিত্ৰ প্ৰেৰণ কৰা ক্ষুদ্ৰ মহাকাশ যানখনৰ সন্ধান পালে বিজ্ঞানীসকলে।

Share This