ডিজিটেল ডেস্ক : বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নৰ লগে লগে কৃত্রিম বুদ্ধিমত্তা (এ আই) শিক্ষা খণ্ডৰ পৰা স্বাস্থ্য খণ্ড, বিদ্যালয়ৰ পৰা পাকঘৰ সকলোতে ব্যৱহাৰ হ'বলৈ ধৰিছে। শেহতীয়াকৈ স্বাস্থ্য খণ্ডত এ আইৰ ব্যৱহাৰ বৃদ্ধি পাইছে।
ব্রিটেইনৰ কেমব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানীসকলে এ আই ব্যৱহাৰ কৰি এবিধ বিশেষ প্রতিষেধক প্ৰস্তুত কৰি উলিয়াইছে। এই প্রতিষেধক কেইবাটাও ভাইৰাছ আৰু মহামাৰী প্ৰতিৰোধৰ বাবে ব্যৱহাৰ হোৱাৰ থল আছে। বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰে যে বিশ্বত এই প্ৰথমবাৰৰ বাবে কোনো এটা প্রতিষেধকৰ সম্পূৰ্ণ ডিজাইনটো এ আয়ে প্রস্তুত কৰিছে।
এই প্রতিষেধক সকলো ধৰণৰ কৰ'না ভাইৰাছ আৰু বৰ্তমান জীৱ-জন্তুৰ দেহত আক্রমণ কৰা সকলো ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু এই প্রতিষেধকে নতুন মহামাৰী আৰম্ভ কৰাটোও নুই কৰা নাই বিজ্ঞানীসকলে। অৱশ্যে, প্রতিষেধকটোৰ পৰীক্ষা-নিৰীক্ষা বৰ্তমান প্রাথমিক স্তৰতে আছে।