বিপদত পৰিব পাৰে অখিল গগৈ

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : বিপদত পৰিব পাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কিয়নো তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ থকা গোচৰসমূহক লৈ তৎপৰ হৈ পৰিছে অসম বিধানসভা সচিবালয়। বিধায়কগৰাকীৰ বিৰুদ্ধে থকা গোচৰৰ সমগ্ৰ তথ্য বিচাৰি ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যই জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। আনকি পত্ৰখনত অহা ১৩ জুলাইৰ ভিতৰত গগৈৰ বিৰুদ্ধে থকা সকলো গেচৰৰ তথ্য দাখিল কৰিবলৈকো তেওঁ অনুৰোধ জনাইছে। 

প্রণিধানযোগ্য যে চলিত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতে প্রশ্নোত্তৰ শিতানত বিধায়ক অখিল গগৈ আৰু জলসম্পদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাৰ মাজত গোচৰক কেন্দ্ৰ কৰি এক তীব্ৰ বাক্‌-বিতণ্ডাৰ সৃষ্টি হৈছিল। মন্ত্রী পীযূষ হাজৰিকাই কথা কৈ থকাৰ সময়তে বিধায়ক গগৈয়ে তেওঁৰ বিৰদ্ধে ১৬৫টা গোচৰ থকা বুলি মত প্রকাশ কৰিছিল। ইয়াৰ পাছতেই মন্ত্ৰী হাজৰিকাই কয় যে বিধায়ক গগৈয়ে নির্বাচন আয়োগৰ ওচৰত গোচৰ সংক্ৰান্তত ভুল তথ্য দাখিল কৰিছে। কিয়নো গগৈয়ে নির্বাচনী শপতনামাত মাত্র ২১টা গোচৰৰ কথাহে উল্লেখ কৰিছিল। অর্থাৎ তেওঁ শপতনামাত ভুল তথ্য দিয়াৰ লগতে বিধানসভাকো বিপথে পৰিচালনা কৰিছে। 

আনকি সেইদিনাই সদনত মন্ত্ৰী হাজৰিকাই নির্বাচন আয়োগক ভুল বা অসত্য তথ্য দিয়াটো এক গুৰুতৰ অপৰাধ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈকো বিধানসভাৰ অধ্যক্ষকক দাবী জনাইছিল। ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশ অনুসৰি বিধানসভা সচিবালয়ে বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰা কাৰ্য লক্ষণীয় হৈ পৰিছে।

Share This