ডিজিটেল ডেস্ক : লাইফ জেকেট পৰিধান কৰি বিধানসভালৈ অহাৰ পাছত এইবাৰ ঠেলাত মটৰচাইকেল উঠাই বিধানসভালৈ আহিল বিধায়ক অখিল গগৈ। এইবাৰো তেওঁৰ সংগী হৈ আহিল ৰাইজৰ দলৰ আনজন বিধায়ক মেহবুব মুক্তাৰ। লক্ষণীয় যে পেট্রলত ইথানল ব্যৱহাৰৰ পাছত সৃষ্টি হোৱা সমস্যাক লৈ কালি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ৰাইজৰ দলৰ দুই বিধায়কে পেট্ৰলত ইথানল ব্যৱহাৰক লৈ সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। দুয়োজন বিধায়কে বিধানসভা চৌহদত এখন ঠেলাত এখন ষ্টার্ট নোহোৱা মটৰচাইকেল লৈ ইথানলৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাইজৰ দলৰ বিধায়ক দুজনে হাতে হাতে প্লে'কার্ড লৈ ইথানল-২০ৰ (ই-২০) নেতিবাচক দিশসমূহ দাঙি ধৰাৰ চেষ্টা কৰে। তেওঁলোকে ইথানল মিহলি পেট্রলে সকলোৰে বাহনসমূহ ধ্বংস কৰাৰ অভিযোগ কৰে। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু পৰিবহণ মন্ত্ৰী নীতিন গডকাৰিৰ পেট্ৰলত ২০ শতাংশ ইথানল মিহলি কৰা নীতিৰ বাবে দেশৰ কোটি কোটি বাহন বেয়া হৈছে। তেওঁলোকে খেতিয়কক সহায় কৰাৰ বাবে এই কাম কৰিছে বুলি কৈছে। কিন্তু দুর্ভাগ্যজনক কথাটো হ'ল যে ২০২২ চনৰ আগতে ক্ৰয় কৰা কোনো বাহনতে ইথানল মিহলি পেট্ৰলৰ ব্যৱহাৰ কৰিলে সেই বাহন ভাল হৈ নাথাকে। আনহাতে, চৰকাৰী এজেঞ্চিয়ে কৰা পৰীক্ষাৰ ফলাফল অনুসৰি পেট্ৰলত ২০ শতাংশ ইথানল মিহলি কৰিলে অতি কমেও ৬ শতাংশ মাইলেজ হ্রাস পায়। ইথানল মিহলি পেট্রল ব্যৱহাৰ কৰা বাবে দেশজুৰি বাহনসমূহ বেয়া হৈছে। কোটি কোটি মানুহৰ লোকচান হৈছে। ব্যৱসায়-বাণিজ্য ধ্বংস হৈছে। ইয়াৰ প্রতিবাদ হৈছে। কিন্তু চৰকাৰে কোনো কাণসাৰ দিয়া নাই। আনহাতে, ইথানল মিহলি কৰাৰ পাছতো পেট্রলৰ মূল্য হ্রাস পোৱা নাই।' বিধায়কজনে কয় যে '২০১৯ চনত পেট্ৰলৰ দাম প্রতি লিটাৰত ৭৫ টকা আছিল। ২০২০ চনত ৮০ টকালৈ বৃদ্ধি পায়। ২০২১ চনত ৯৫ টকা, ২০২২ চনত ৯৮ টকা, ২০২৩ চনত ৯৯ টকা, ২০২৪ চনত ১০০ টকা, ২০২৫ চনত ১০২.৩৪ টকা আৰু ২০২৬ চনত প্রতি লিটাৰ পেট্ৰলৰ দাম ১০৬.৯৪ টকালৈ বৃদ্ধি পালে। অর্থাৎ ইথানল মিহলি কৰাৰ পাছতো পেট্ৰলৰ দাম কমা নাই।
চৰকাৰে ইথানল মিহলি কৰাৰ পাছত দাম হ্রাস পাব বুলি দাবী কৰিছিল। কিন্তু তেনে নোহোৱাৰ বাবে চৰকাৰৰ নীতিৰ প্ৰতিবাদ কৰিছোঁ। ই-২০ ইন্ধনৰ বিৰুদ্ধে আমি ৰাইজৰ দলৰ দুয়োজন বিধায়কে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দাবী ই-২০ৰ লগতে সাধাৰণ পেট্রল ৰখাৰ ব্যৱস্থা কৰক। আমি নিজে সিদ্ধান্ত ল'ম আমাৰ বাহনত কি পেট্রল ভৰাম। সেইটো নৰেন্দ্ৰ মোদী নাইবা নীতিন গডকাৰিৰ ওপৰত এৰি দিব নোৱাৰোঁ। এনে লুণ্ঠন আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।'