ডিজিটেল ডেস্ক : 'ফাগুনত আহিবা লৃগাং চাবলৈ, ৰঙা ৰিবি গাচেং গাতে ল'বলৈ'- এই বাক্যশাৰীৰ সুৰেৰে আজি সমগ্ৰ ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চলসমূহত উৎসাহ-উদ্দীপনাৰে উদ্যাপন কৰা হ'ব মিচিং জনগোষ্ঠীৰ প্রধান কৃষিভিত্তিক উৎসৱ 'আলি আঃয়ে নৃগাং'। ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা এই ঐতিহ্যবাহী উৎসৱটোৱে কৃষিজীৱী মিচিং সমাজৰ জীৱন-দর্শন, বিশ্বাস আৰু সংস্কৃতিৰ এক উজ্জ্বল নিদর্শন দাঙি ধৰে। ফাগুন মানেই বসন্তৰ আগমন, খেতি-বতৰৰ শুভাৰম্ভ। এনে সময়তে মিচিং লোকসকলে শস্য ৰোপণৰ সূচনাৰ লগত সংগতি ৰাখি নিজৰ জাতীয় উৎসৱ 'আলি আঃয়ে নৃগাং' উদযাপন কৰে।
'আলি' মানে মূল বা কাণ্ড, 'আঃয়ে' মানে ফল বা গুটি, আৰু 'নৃগাং' মানে সিঁচাৰ আৰম্ভণি। অৰ্থাৎ আলি আঃয়ে নৃগাং মানে শস্য বীজ সিঁচাৰ মাংগলিক আৰম্ভণি। বহুতে এই উৎসৱক 'নৃগাং বিহু' বুলিও অভিহিত কৰে। আজিৰ দিনটোতে প্ৰতিঘৰ গৃহস্থৰ মুখিয়ালজনে পথাৰ বা বাৰীৰ এচুকত পৰম্পৰাগত নিয়ম-নীতিৰে মাটিত বীজ সিঁচি মাংগলিক কার্য সম্পাদন কৰে। দঃঞি-পঃল অর্থাৎ চন্দ্ৰ আৰু সূর্য দেৱতাক স্মৰণ কৰি শস্য-শ্যামলা, সুজলা-সুফলা পৃথিৱীৰ কামনা কৰা হয়। কৃষিকার্যৰ সফলতা, পৰিয়ালৰ মংগল আৰু সমাজৰ সমৃদ্ধিৰ বাবে প্রার্থনা জনোৱা এই অনুষ্ঠানটো উৎসৱৰ মূল আকর্ষণ। ইয়াৰ উপৰি গাঁও আনন্দ-উল্লাসেৰে মুখৰিত হৈ উঠে। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে পৰম্পৰাগত পোছাক পৰিধান কৰি ঘৰে ঘৰে পুৰাং (তৰা পাতত সিজোৱা চাউল), আপং, আলু, কচু, শুকান মাছ-মাংস আদিৰে আপ্যায়ন কৰে।
উৎসৱৰ অন্যতম আকর্ষণ হৈছে পৰম্পৰাগত নৃত্য-গীত 'গুমৰাগ'। ঢোল, পেঁপা, তাল আদিৰ সুৰত যুৱক-যুৱতীয়ে পৰম্পৰাগত পোছাক পৰিধান কৰি গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে। মিচিং গাভৰুসকলৰ হাতত তাঁতত বোৱা ৰঙীন 'এগে-গাচৰ' চাদৰ-মেখেলা আৰু পুৰুষসকলৰ 'মিবু গালুক' আৰু 'গন ওগনে' উৎসৱৰ সৌন্দৰ্যর্য বৃদ্ধি কৰে। আনন্দ-উল্লাসৰ মাজত ঐ-নিতমৰ সুৰে আকাশ-বতাহ মুখৰিত হৈ উঠে। আনহাতে নৃগাং উদযাপনৰ আন এক গুৰুত্বপূর্ণ অংশ হৈছে 'আপং' প্রস্তুতি। সাধাৰণতে উৎসৱৰ প্ৰায় ১০-১৫ দিন আগতেই মিচিং তিৰোতাসকলে আপং তৈয়াৰ কৰে। নৃগাঙত বিশেষকৈ 'পঃৰ আপং' (ছাই মদ) ব্যৱহাৰ কৰা হয়, যি মাংগলিক পৰ্বৰ লগতে সামূহিক ভোজত অতি গুৰুত্বপূৰ্ণ।
'আলি আঃয়ে নৃগাং' কেৱল এটা উৎসৱ নহয়; ই কৃষিভিত্তিক জীৱনচক্ৰৰ এক আধ্যাত্মিক সূচনা। বছৰি আহি ল্গাঙে যেন শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ কঢ়িয়াই আনে। পাঁচ দিনলৈকে বিভিন্ন নীতি-নিয়ম আৰু পৰম্পৰাৰে উদযাপিত এই উৎসৱৰ অন্তিম পর্বতো সামাজিক ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰকাশ ঘটে। আজিৰ এই পৱিত্ৰ দিনটোত মিচিং জনগোষ্ঠীয়ে প্ৰকৃতিৰ সৈতে গভীৰ সম্পর্ক অটুট ৰাখি, ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণৰ সংকল্প লৈ 'আলি আঃয়ে লৃগাং' উদযাপন কৰিছে।