ডিজিটেল ডেস্কঃ এসময়ত কিউবাৰ ৰাষ্ট্ৰপতি আৰু বিশ্ববিশ্রুত জননেতা ফিডেল কাস্ট্রোবে প্রশ্ন কৰিছিল- সাম্যবাদৰ বিফলতা বহু, ধৰি লৈছোঁ, কিন্তু পুঁজিবাদৰ অবিসম্বাদী সাফল্য ক'ত? ধন-সম্পদ আৰু প্ৰতাপ-প্রতিপত্তিৰ বিস্তাৰত সদাব্যস্ত বিশ্বৰ শক্তিশালী পুঁজিবাদী দেশসমূহে নিজৰ প্ৰতাপ-প্রতিপত্তিৰ বৃদ্ধিৰ পথৰ অন্তৰায়সমূহ দূৰ কৰিবলৈ নানা কূট কৌশল অৱলম্বন কৰে।
সেইবোৰ বিফল হ'লে শক্তি প্রয়োগ কৰে। অর্থাৎ যুদ্ধৰ সূচনা হয়। ভয়-ভাবুকি আৰু চাপ প্রয়োগ কৰি যুদ্ধৰ জৰিয়তে কিছুমান দেশ আৰু জাতিৰ আনুগত্য আদায় কৰে। যদিহে ইমানতো কোনোবাই সেও নামানে-শক্তিশালীসকলৰ বাণিজ্যিক স্বাৰ্থত অন্তৰায় হৈ থিয় দিয়ে তেন্তে তেনে দেশক ক্রমে একাষৰীয়া কৰি তাৰ পাছত আক্ৰমণ কৰে। তেনে এটা বিশ্ব অর্থনৈতিক বাতাৱৰণৰে সৃষ্টি হৈছে ইৰান-ইজৰাইল-আমেৰিকাৰ যুদ্ধ।
ইৰানে নিজকে পৰমাণু শক্তিসম্পন্ন দেশ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে। এয়া আমেৰিকাৰ দীর্ঘদিনৰ অভিযোগ ইৰানৰ বিৰুদ্ধে। সেই মতে ইৰানৰ বিৰুদ্ধে আন্তর্জাতিক স্তৰত কাৰ্যব্যৱস্থা গ্রহণ কৰাৰ প্ৰস্তাৱ দিছে। পাৰমাণবিক অস্ত্র প্রস্তুতকৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণ দলে ইৰানৰ স্থানসমূহ পৰিদৰ্শনো কৰিছে। আজিৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু সামৰিক শক্তিৰ ক্ষেত্ৰত নিজকে গুৰুত্বপূৰ্ণ প্রতিপন্ন কৰিবলৈ বহু দেশেই পৰমাণু শক্তিসম্পন্ন হ'বলৈ চেষ্টা কবে। ইৰানো তেনে এখন দেশ। তেনেহ'লে ইৰান পৰমাণু অস্ত্রসম্পন্ন হ'বলৈ যোৱাৰ প্ৰসংগত আমেৰিকাৰ ইমান আপত্তি কিয়? ইয়াৰ কাৰণ হ'ল মধ্য প্রাচ্যৰ ইন্ধন তেলৰ বৃহৎ বজাৰখন। এই বজাৰত আমেৰিকাৰ খোপনি দৃঢ়। মধ্য প্রাচ্যৰ ছৌডি আৰবকে ধৰি প্ৰভাৱশালী দেশ আমেৰিকাৰ প্ৰতি অনুগত। কিন্তু ইৰানে আমেৰিকাৰ আনুগত্য স্বীকাৰ কৰা নাই। তেলৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ইৰানৰ নিজৰ এটা স্থিতি আছে। এই স্থিতি আমেৰিকান তেল সদাগৰসকলৰ বাবে আহুকলীয়া। আচল কন্দলৰ কাৰণ হ'ল বাণিজ্য আৰু মুনাফা। যুদ্ধ হ'ল তাৰে ৰাজনৈতিক ৰূপ। মধ্য প্রাচ্যৰ ৰাষ্ট্ৰ ইজৰাইল হ'ল আৰব বিশ্বৰ উত্থানক প্রতিবন্ধক দিব পৰা আমেৰিকাৰ সমৰ্থনপুষ্ট এখন সৰু দেশ। সৰু হ'লেও শক্তিশালী। প্রতিষ্ঠাৰ দিনৰ পৰাই ইজৰাইলে মধ্য প্রাচ্যত উত্তেজনাৰ এটা কেন্দ্রবিন্দু ৰূপে পৰিগণিত হৈ আহিছে। মধ্য প্রাচ্যত ইৰান যদি আণবিক শক্তিসম্পন্ন হৈ পৰে তেন্তে তাত আৰু পূৰ্বৰ দৰে আমেৰিকাৰ একক অধিপত্য নচলিব। সেইবাবেই আমেৰিকা-ইৰানৰ মাজত চলি আছে সংঘাত।
এই সংঘাতক ইজৰাইলৰ জৰিয়তে বক্তাক্ত কৰি তুলিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ইজৰাইলে অপ্রৰোচিতভাবে ইৰানক আক্ৰমণ কৰিছে। আণৱিক বিজ্ঞানীক আক্রমণ কৰি হত্যা কৰিছে। ইৰানৰ বেংক আৰু বিত্তীয় ব্যৱস্থাৰ ক্ষতি সাধন কৰিছে। প্রায় অঘোষিতভাৱে এই যুদ্ধ আৰম্ভহৈ শেষত ঘোষিত যুদ্ধৰ ৰূপ ল'লে। উপলুঙা কৰি থকা ইৰানে এইবাৰ উভতি ধৰিলে। ইৰানৰ প্রত্যাক্রমণ ইজৰাইল আৰু আমেৰিকাৰ বাবে আছিল অপ্রত্যাশিত। ইবানে এনে কিছুমান মিছাইল প্রস্তুত কৰি থৈছিল যাক এই যুদ্ধতে ব্যৱহাৰ কৰি পৰীক্ষা কৰি চালে। ইজৰাইলৰ সামৰিক ঘাটি, প্ৰতিৰক্ষা দপ্তৰ, বন্দৰৰ উপৰি বহু প্রশাসনীয় কার্যালয়, আৱাসিক এলেকা বিধ্বস্ত কৰিলে। আমেৰিকা -ইজৰাইলৰ যৌথ অভিযান, নানা ক্ষয়-ক্ষতি সত্ত্বেও ইৰান নিজৰ স্থিতিত থাকি যুদ্ধ-বিৰতি ঘোষণা কৰিলে চর্ত সাপেক্ষভাবে। ৰাষ্ট্ৰপতি ট্রাম্পে এই যুদ্ধত ইজৰাইল আৰু নেটান্যাহুক একপ্ৰকাৰ বিজয়ী ঘোষণা কৰে। তাৰ পাছত ইজৰাইল-ইৰানক যুদ্ধ-বিৰতি ঘোষণা কৰিবলৈ আহ্বান জনালে। কিন্তু আমেৰিকাৰ এই দাবী ইৰানে প্রত্যক্ষভাবে নাকচ কৰে। যুদ্ধত আমেৰিকা-ইজৰাইলে বিজয়ী ঘোষণা কৰাৰ পাছত এইবাৰ ইৰানেও যুদ্ধত জয়ী ঘোষণা কৰি আনন্দ উপভোগ কৰে।
উৎসৱ অনুষ্ঠানৰ আয়োজন কৰে। ইৰানৰ আণৱিক প্রকল্পসমূহো সুৰক্ষিত বুলি ইৰানে ঘোষণা কৰে। যুদ্ধ জৰ্জৰিত দেশত যুদ্ধ-বিৰতিৰে পক্ষসমূহক যুদ্ধৰ পৰা বিৰত কবি, শান্তি প্রতিষ্ঠাৰে নোবেল বঁটা গ্রহণ কৰিবলৈ ব্যাকুল হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অংকত আউল লাগিছে। ইৰান সৈমান নহ'লে ভবিষ্যতে বিপদ। সেই বাবেই বিশ্বজনতাৰ মনত এতিয়া প্রশ্ন জাগিছে- আচলতে এই যুদ্ধত জয়লাভ কৰিলে কোনে? ইজৰাইল, আমেৰিকা নে ইৰানে? এককভাৱে ইৰানে এটা বিশ্বশক্তিৰ বিৰুদ্ধে যেনে ধৰণৰ প্রত্যাহ্বান জনালে সেয়া বৰ সাধাৰণ নহয়। ইজৰাইল প্রায় বিধ্বস্ত হৈ পৰিছে। বেঞ্জামিন নেটান্যাহু দেশৰ জনতাৰ বিক্ষোভৰ সম্মুখীন হৈছে। আমেৰিকাতো বিভিন্ন ৰাজ্যত চলি আছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিৰুদ্ধে প্রচণ্ড বিক্ষোভ। নিজেই যুদ্ধ লগাই লৈ নিজে শান্তি প্রতিষ্ঠা কৰিবলৈ যোৱা ট্রাম্পৰ এই কাৰ্য বিশ্ব জনতাই ব্যংগ-বিদ্রূপৰ বিষয় কৰি তুলিছে। যুদ্ধৰ নামত আক্রমণ-প্রত্যাক্রমণ, নিৰীহ লোকৰ ৰক্তপাত পুঁজিবাদী সমৰ নেতা আৰু অস্ত্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থৰ বাবে প্রয়োজন। কিন্তু বিশ্বৰ সাধাৰণ শান্তি প্রিয় লোকে এনে চক্রান্তক ঘৃণা কৰে। ভাৰত-পাকিস্তান যুদ্ধত ইজৰাইলৰ দৰে ভাৰতে আগতে গৈ যুদ্ধত প্রবৃত্ত হোৱা নাছিল। ভাৰতৰ মাটিত পাক সমর্থিত উগ্রপন্থীয়ে চলোৱা হত্যালীলাৰ প্ৰত্যুত্তৰৰ বাবেহে ভাৰত যুদ্ধত প্রবৃত্ত হৈছিল। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে সন্ত্রাসবাদক সমর্থন-সহযোগ কৰা পাকিস্তানৰ প্রতি কোনো কঠোৰ সকীয়নি নিদিলে। বৰঞ্চ যুদ্ধ-বিৰতিৰ আহ্বানেৰে পাকিস্তানক সকাহহে দিলে।
পাকিস্তানৰ সেনাধ্যক্ষৰ লগত হোৱাইট হাউছত আহাৰ গ্ৰহণ কৰিলে, বিশ্ব বেংক, আই এম এফৰ পৰা পাকিস্তানে ঋণ লাভ কৰাত সহায় কৰিলে। এনে কাম-কাজে প্রমাণ কৰে যে ড'নাল্ড ট্রাম্প এজন নিবপেক্ষ শান্তিকামী ৰাজনীতিক নহয়। তেওঁৰ প্রতিটো কামতে আমেৰিকাৰ স্বাৰ্থই অগ্রাধিকাৰ লাভ কৰি আহিছে। সেইবাবেই ইৰানে অকলেই যুঁজিলে, ট্রাম্পৰ শান্তি প্ৰচেষ্টাৰ বিৰোধিতা কৰি এতিয়াও নিজৰ স্থিতিত অবিচল আছে। তিনিওটা পক্ষই জয়ী হোৱা বুলি দাবী কৰা ইৰান-ইজৰাইল-আমেৰিকাৰ এই যুদ্ধত নৈতিকভাৱে আচলতে ড'নাল্ড ট্রাম্প পৰাজিতহে হৈছে।