গাজাৰ সকলো কুঁৱা ধ্বংস হʼল!এটুপি পানীৰ বাবে হাহাকাৰ..

Digital desk July 25, 2024

ডিজিটেল ডেস্কঃ ৯ মাহ চলি থকা যুদ্ধই গাজাৰ আন্তঃগাঁথনি বিধ্বস্ত কৰি পেলাইছে। অৱস্থা এতিয়া এনেকুৱা হৈছেগৈ যে কুঁৱাবোৰ শুকাই গৈছে, পানী বিতৰণ ব্যৱস্থা বিকল হৈ পৰিছে আৰু দুর্বিষহ জীৱন কটোৱা লোকসকলে পানীৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। 

ৱেষ্টৱাটাৰ ট্রিটমেন্ট প্লান্টবোৰো বন্ধ হৈ পৰিছে। খাবৰ বাবে, গা ধুবৰ বাবে, কাপোৰ-কানি ধুবৰ বাবে পানীৰ সন্ধানত মানুহ বহু দূৰ-দূৰণিলৈ যাবলগীয়া হৈছে। জাবালিয়া শৰণাৰ্থী শিবিৰত অস্থায়ী আশ্রয় গৃহত থকা আহমেদ আল-শ্বানবাৰি নামৰ এজন লোকে কয় যে শিবিৰটোৰ ওচৰৰ অধিকাংশ কুঁৱা যুদ্ধত ধ্বংস- হ'ল। অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ আগৰ পৰাই গাজাত পানীৰ নাটনি আছিল। এতিয়া ২৪ লাখ লোকে বর্ধিতভাৱে প্ৰদূষিত আৰু কমি যোৱা পানীৰ ওপৰত নিৰ্ভৰ কবিৰলগীয়া হৈছে। 

অলপমান পানী সংগ্ৰহ কৰিবলৈও প্রচণ্ড গৰমত আল-শ্বানবাৰিক চাৰি ঘণ্টা লাগে। তেওঁ কয় যে ইজৰাইলী সৈন্য আৰু হামাছৰ মাজত মে' মাহত জাবালিয়াত প্রচণ্ড যুদ্ধ লগাৰ পৰা পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। শেহতীয়া আগ্রাসনৰ পাছত এটাও কুঁৱা এতিয়া নাই। ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্য কার্যালয় অ' চি এইচ এই কয় যে যুদ্ধৰ আগতেই গাজাৰ ভূগৰ্ভৰ পানী প্ৰদূষিত হৈ পৰিছিল আৰু ৯৭ শতাংশৰো অধিক পৰিমাণৰ পানী খোৱাৰ অনুপযোগী হৈ পৰিছিল। 

এতিয়া গাজাত পানী ইমানেই মূল্যৱান যে আল-শ্বান বাৰিৰ পৰিয়ালে এটোপাল পানীও নষ্ট নকৰে। ইফালে তেওঁৰ আটাইকেইটা সন্তান অসুস্থ। বৃক্ক বিকল, জণ্ডিচ, খজুৱতি, কাহ আদিন ৰোগত ভুগি আছে। গাজাৰ উত্তৰ ভাগত ঔষধ পাতিও পাবলৈ নাই।

Share This