দুৰ্গতক উদ্ধাৰৰ বাবে অহা এন ডি আৰ এফৰ বিৰুদ্ধে অমানৱীয় আচৰণৰ অভিযোগ,অদক্ষ বিষয়াৰ বাবে দুর্ভোগ বন্যার্তৰ

dainik janambhumi July 24, 2026

ডিজিটেল ডেস্ক : 'এডিঙি পানীত ৪৮ ঘণ্টা, ৭২ ঘণ্টা ককবকাই থাকি কোনোমতে ওলাই আহি দুদিন ভোগে-লঘোণে পানীত ওপঙি থকা মোৰ পৰিয়াল আৰু প্ৰতিৱেশীৰ বাবে খোৱাপানীৰ বটল, দুটামান ব্রেড-বিস্কুট, মম, জুইশলা, টর্চ লাইটৰ বেটাৰী কোনোমতে যোগাৰ কৰি পুনৰ পৰিয়াল, প্ৰতিৱেশীৰ কাষলৈ উভতি যাবলৈ বিচৰাৰ সময়ত প্রাকৃতিক দুর্যোগত দিশহাৰা হোৱাসকলক সহায় তথা উদ্ধাৰৰ বাবে নিয়োজিত এন ডি আৰ এফ, এছ ডি আৰ এফ বাহিনী আৰু অসম আৰক্ষীৰ জোৱানৰ পৰা সহায় বিচাৰি যি দুর্ব্যৱহাৰ পালোঁ তেনে ব্যৱহাৰে মোক হতচকিত কৰাই নহয়, সাম্প্রতিক বিধ্বংসী বানত দুর্গতসকলক সহায়ৰ বাবে দায়িত্বত থকা অসম চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাটোৰো চৰম ব্যৰ্থতা প্রতিফলিত হ'ল।' 

উজনিৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৃষ্টি হোৱা অকল্পনীয়, অভাৱনীয় বানে নিমিষতে ঘৰ-বাৰী, খেতিপথাৰ মোহাৰি নিয়া হাজাৰ হাজাৰ পৰিয়ালৰ মাজৰে এজন দুৰ্গতই বান সাহায্য আৰু উদ্ধাৰৰ বাবে নিয়োজিতসকলৰ পৰা কোনোমতেই আশা নকৰা ব্যৱহাৰ পোৱাত উদ্বিগ্ন হৈ একাংশ অকর্মণ্য আৰু অদক্ষ বিষয়াৰে পৰিচালিত প্রশাসনিক ব্যৱস্থাটোক তীব্র সমালোচনা কৰি সামাজিক মাধ্যমৰ জৰিয়তে এজন ভুক্তভোগীয়ে অকপটে এনেদৰেই ক্ষোভত উপৰিউক্ত প্রতিক্রিয়া প্রকাশ কৰিছে। 

যোৱা ২২ জুলাইৰ নিশা ডিমৌ সমজিলাৰ গড়গাঁও গাঁও পঞ্চায়তৰ অধীনৰ ৰামুগাঁৱৰ জাতীয় বিদ্যালয় কলনিৰ বাসিন্দা ভুক্তভোগী উক্ত বান দুর্গত সামাজিকভাৱে সচেতন ব্যক্তিজনে সাম্প্রতিক মহাপ্রলয়ৰূপী বানত দিশহাৰা হোৱাসকলক উদ্ধাৰ আৰু সাহায্য প্রদানৰ নামত অঞ্চল বিশেষে প্রশাসন যন্ত্র কেনেদৰে শোচনীয়ভাৱে ব্যর্থ হৈছে, সেই সন্দর্ভত সামাজিক মাধ্যমত উদ্ধাৰ আৰু সাহায্যৰ তথাকথিত স্বৰূপটো উদঙাই দিয়া বক্তব্যই সম্প্রতি বিশেষভাৱে চর্চা লাভ কৰিছে। 

উদ্ধাৰকাৰী দলৰ বঞ্চনা আৰু ককৰ্থনাৰ সন্মুখীন হৈ তিক্ত অভিজ্ঞতা প্রকাশ কৰা উক্ত সচেতন ব্যক্তিজনৰ সামাজিক মাধ্যমৰ বক্তব্যৰ এই পৰিস্থিতিত গুৰুত্ব আছে বুলি অনুভৱ কৰিয়েই আমি থূলমূলকৈ এই প্রতিবেদন প্রস্তুত কৰিছোঁ। ডিমৌ সমজিলাৰ গড়গাঁও গাঁও পঞ্চায়তৰ অধীনৰ ৰামুগাঁৱৰ জাতীয় বিদ্যালয় কলনিৰ সমীপতে এখন বৃদ্ধাশ্রমো আছে। সাম্প্ৰতিক বানত সোণাৰি ৰাজহ চক্ৰৰ অধীনৰ এই বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাও অন্যান্য গ্রামাঞ্চলৰ দৰেই একঁকাল এডিঙি পানীত ককবকাই থাকিব লগীয়া হৈছে। এই অঞ্চলৰে উক্ত সচেতন ব্যক্তিজনে এডিঙি পানীত ৪৮ ঘণ্টাৰ পৰা ৭২ ঘণ্টা পর্যন্ত অঞ্চলবাসী দিশহাৰা হৈ থকাৰ সময়তে মৰণত শৰণ লৈ পানী ফালি ওলাই গৈছিল খোৱা ব্রেড-বিস্কুট, মম আদি বিচাৰি। প্রায় আধা কিঃ মিঃ পানী ফালি খোজকাঢ়ি গৈ কোনো ঠাইৰ পৰা লাগতিয়াল সামান্য দ্রব্যকেইপদ দুটা বেগত ভৰাই পুনৰ পৰিয়াল প্ৰতিৱেশীৰ কাষলৈ উভতি আহিবলৈ কাৰোবাৰ সহায়ৰ সন্ধানত থকাৰ সময়তে উদ্ধাৰকাৰী এন ডি আৰ এফৰ এখন নাও দেখি সংশ্লিষ্ট ব্যক্তিজনে সহায় বিচৰাত এন ডি আৰ এফৰ দলটোৱে ডাবি-ধমকিৰে কটু কথা শুনাই তেওঁৰ অনুৰোধ প্রত্যাখ্যান কৰে। 

এন ডি আৰ এফৰ উক্ত দলটোৱে আমি এতিয়া ডিউটিত আছোঁ, তই কি নাটক কৰিবলৈ আহিছ বুলিও উপহাস কৰে। কেৱল ইমাইে নহয় উদ্ধাৰকাৰী দলটোৰ লগত থকা শিমলুগুৰি আৰক্ষী থানাৰ দুজন আৰক্ষীয়েও 'আপুনি প্ৰশাসনৰ কামত বাধা দিবলৈ আহিছে' বুলি কৈ সেই স্থানৰ পৰা আঁতৰি যাবলৈও একপ্ৰকাৰ ভাবুকি দিয়ে। এনেদৰে দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্ধাৰকাৰী দলৰ পৰা যথেষ্ট অপমান তথা কটু কথাৰে তৰিস্কাৰৰ সন্মুখীন হোৱাৰ পাছতেই সোণাৰি ৰাজহ চক্ৰৰ গড়গাঁও পঞ্চায়তৰ ৰামুগাঁৱৰ বানবিধ্বস্ত লোকজনে সামাজিক মাধ্যমৰ জৰিয়তে বন্যাক্রান্তক সহায় কৰাৰ ক্ষেত্ৰত প্ৰশাসন, চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা সংস্থা চমুকৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ ভূমিকাক ধিক্কাৰ দিয়ে। এই প্রসংগত তেওঁ প্রশ্ন কৰে যে এন ডি আৰ এফ কিম্বা এছ ডি আৰ এফ কাৰ সহায়ৰ বাবে আহিছে? দুৰ্যোগৰ সময়ত তেওঁলোকক খাটিৰ কৰিব লাগে বুলি ক্ষোভ প্রকাশ কৰি লোকজনে এখন নাৱত তেওঁলোকৰেই ৫-৬ জনকৈ মানুহ আহিলে তেনে এখন নাৱত কেইজনক উদ্ধাৰ কৰিব বুলিও প্ৰশ্ন কৰে। আনকি দুৰ্যোগৰ সময়ত এনে উদ্ধাৰকাৰী দলৰ একাংশৰ বাবে বানদুর্গতক লগত লৈ 'ছেলফি' তোলাতহে তেওঁলোক ব্যস্ত বুলিও অভিযোগ উত্থাপন কৰে। বাস্তৰ ক্ষেত্ৰত দুৰ্গতক উদ্ধাৰৰ নামত উদ্ধাৰকাৰী দলৰ এনে বহুৱালিক উক্ত লোকজনে তীব্র সমালোচনা কৰে সামাজিক মাধ্যমত। দুর্গতক সহায় কৰা তথা উদ্ধাৰ কৰাৰ নামত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ এনে অৱহেলিত তথা অৱজ্ঞাসূচক ব্যৱহাৰৰ সন্মুখীন হৈ অসমত এনে উদ্ধাৰকাৰী দলৰ কি প্রয়োজন আছে বুলিও প্রশ্ন কৰে। 

ইফালে, বান দুর্গতক সহায় কৰা তথা সাহায্য প্ৰদানৰ নামত অসম চৰকাৰৰ জিলা প্রশাসন পৰ্যায়ৰ একাংশ আমোলা-বিষয়াৰ দায়িত্বহীনতা, অকর্মণ্যতা আৰু অদক্ষতাৰ বাবেই বানবিধ্বস্ত অঞ্চলত ৪৮ ৰ পৰা ৭২ ঘণ্টা পাৰ হোৱাৰ পাছতো খোৱাপানী এটুপিও যোগান ধৰিবলৈ সমৰ্থ নোহোৱা অৱস্থাটোকো তেওঁ তীব্র সমালোচনা কৰে। এই ক্ষেত্ৰত তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় মন্ত্ৰী প্ৰতিখন জিলাৰ দায়িত্ব থকা অভিভাৱক মন্ত্রী, বিধায়ক সকলোৱেই বিভিন্ন দিশত বন্যাক্রান্তক সহায়ৰ হাত আগবঢ়াই দুৰ্গতৰ কাষত থিয় দিছে। কিন্তু যি সকলে চৰকাৰ পৰিচালনাত কাৰ্যনিৰ্বাহ কৰি আছে, সেইসকলৰ মাজৰে একাংশ অদক্ষ, অকর্মণ্য আমোলা-বিষয়াৰ বাবেই বানত কক্কাই থকা একো একোটা অঞ্চলৰ দুৰ্গতক এটুপি খোৱাপানীৰ বাবে ৭২ ঘণ্টা পর্যন্ত অপেক্ষা কৰিও দায়িত্ববাহী বিষয়াৰ সঁহাৰি নোপোৱাৰ পৰিণতিতেই এনে অদক্ষ বিষয়াৰ বাবেই চৰকাৰ একোখনৰ বদনাম হয় বুলিও ৰামুগাঁৱৰ উক্ত সচেতন লোকজনে মন্তব্য কৰিছে। এনে অৱস্থাত এতিয়া এন ডি আৰ এফৰ প্ৰতিও প্রশ্ন উঠিছে যে দুর্যোগত দিশহাৰা হোৱাজনক সহায় কৰাৰ বাবে যিবোৰ বিভাগৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি দায়িত্ব ন্যস্ত কৰা হয়, তেনেবোৰ বিভাগ অথবা সংস্থাৰ একাংশই দুৰ্গতজনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শনৰ বিপৰীতে অমানৱীয় আচৰণ কৰে, তেন্তে দুৰ্গতক উদ্ধাৰ কিম্বা সহায়ৰ ক্ষেত্ৰত এনে উদ্ধাৰকাৰীৰ প্ৰয়োজন আছেনে?

Share This