ডিজিটেল ডেস্কঃ মা কামাখ্যা মন্দিৰত ২২ জুন, দেওবাৰৰ পৰা আৰম্ভ হৈছে আহাৰ মাহৰ অন্যতম উৎসৱ অম্বুবাচী। বাৰিষাৰ এই উৎসৱ উৰ্বৰতাৰ প্ৰতীক। ২২ জুনৰ দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱতি নিশা ৩-২১ বজাত অম্বুবাচীৰ নিবৃত্তি। এই সময়ছোৱাত মা-কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ শক্তিপীঠখনত দেশ-বিদেশৰ সাধু-সন্তৰ আগমন ঘটিছে।
অম্বুবাচী উৎসৱত কিছুমান কাম কৰা উচিত নহয়। সেইবোৰ কাম নকৰিলে আপুনি লাভ কৰিব মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ। আপুনি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ জীৱনটো সহজ, সৰল আৰু সুচল হৈ পৰিব।
জানি লওক অম্বুবাচীৰ সময়ত কি কি কৰিব নালাগে
এই সময়ছোৱাত মাটি খান্দিব নালাগে।
এই সময়ছোৱাত কৃষিকৰ্ম বিশেষকৈ হাল-বোৱা আদি নিষেধ বুলি কোৱা হয় ।
ঘৰৰ বাহিৰে ভিতৰে কোনো ধৰণৰ পানী ছটিয়াব নালাগে।
কোনো ধৰণৰ শুভ কাম কৰিব নালাগে।
কোনো ধৰণৰ নতুন কাপোৰ পিন্ধিব নালাগে।
তামোল-পাণ খাব নালাগে
কোনো ধৰণৰ তিতা বস্তু খাব নালাগে।
বিবাহ, গৃহ প্ৰৱেশ আদি কোনো শুভ কাম কৰিব নালাগে।
ধূমপান বা মদ্যপান বা কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নালাগে।
পূজা-অৰ্চনা কৰিব নালাগে, চাকি-ধূপ জ্বলাব নালাগে।
এই সময়ছোৱাত গছপুলি ৰুব নালাগে, গছৰ ডাল আদি কাটিব নালাগে, গছৰ পাত-ফুল আদি ছিঙিব নালাগে ।
পবিত্ৰ গ্ৰন্থ পঢ়িব নালাগে।
আমিষ আহাৰ খাব নালাগে।
ডাঢ়ি, চুলি, নখ আদি কটা নিষেধ।
অম্বুবাচীৰ সময়ত দৈ নাখাব। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰৰ বেয়া প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা হয়।
এইবোৰ নিয়ম পালন কৰিলে অম্বুবাচী উৎসৱ সঠিকভাৱে পালন কৰা হয় বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় যে এই নিয়ম মানি চলিলে জীৱনত কোনো দুখ বা যন্ত্ৰণা অনুভৱ নকৰে। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ-যন্ত্ৰণা ভৰি পৰে।
অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচা গাখীৰ খোৱাৰ নিয়ম আছে । কেঁচা গাখীৰৰ লগত আম খালে ভাল। অম্বুবাচীৰ সময়ত ফল-মূল খাই থাকিব পাৰিলে ভাল।