প্রধানমন্ত্রী ওভতাৰ পাছতে পদার্পণ গৃহ মন্ত্ৰীৰ, আজি 'যুৱ শক্তি সমাৰোহ'ত ভাষণ দিব অমিত শ্বাহে

dainik janambhumi March 15, 2026

ডিজিটেল ডেস্ক: নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় নেতাৰ। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰি কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দিল্লীলৈ উভতি যোৱাৰ খন্তেক পাছতেই গুৱাহাটীত আহি উপস্থিত হৈছেহি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। দুদিনীয়া ভ্রমণসূচীৰে উন্নয়নৰ বাৰ্তা লৈ অসমলৈ অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক কালি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আদৰণি জনায়। 

কালি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব লগীয়া কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে আজি পুৱা নৱনির্মিত প্রাগজ্যোতিষপুৰ মেডিকেল কলেজখন উদ্বোধন কৰাৰ পাছতেই ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া 'যুৱ শক্তি সমাৰোহ'ত অংশ ল'ব। দেওবাৰৰ দিনটোত এই সমাৰোহত ৰাজ্যৰ ১.৫ লাখৰো অধিক যুৱক-যুৱতীক সম্বোধন কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে। 

উক্ত অনুষ্ঠানত উপস্থিত থাকিব ভাৰতীয় জনতা, যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূর্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ সকলো শীর্ষ নেতা। 

ৰাজ্যৰ প্ৰতিখন জিলাৰ যুৱ ভোটাৰে অংশগ্ৰহণ কৰিব লগীয়া এই অনুষ্ঠানতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অনাগত বিধানসভাৰ নিৰ্বাচনৰ ৰণডংকা বজাব। অসমৰ বিকাশ আৰু উত্তৰণৰ যাত্ৰাত যুৱ শক্তিৰ সংকল্প সুদৃঢ় কৰিবলৈ আয়োজন কৰা এই 'যুৱ শক্তি সমাৰোহ'ৰ পাছতেই যুৱ মৰ্চা, অসম প্ৰদেশৰ সকলো কার্যকর্তাই গাঁৱে গাঁৱে গৈ আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ।

Share This