৫০০ টকা মূলধনেৰে এগৰাকী উদ্যমী মহিলাৰ জয়যাত্ৰা

Jyoti Borah August 25, 2023

 ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঝাৰ গাঁৱৰ ৪৫ বছৰীয়া কণিকা তালুকদাৰে দেখুৱাইছে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন৷ ২০০৮ চনত মাত্ৰ ৩১ বছৰ বয়সত স্বামীক হেৰুৱাই একমাত্ৰ ছমহীয়া কন্যা সন্তানক বুকুত সাবটি বিচাৰি ফুৰিছিল কৰ্মসংস্থাপন৷ সেই সময়তেই ২০১৪ চনত নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰত লোৱা প্ত দিনীয়া প্ৰশিক্ষণে সলনি কৰিলে কণিকাৰ জীৱন৷ মাত্ৰ ৫০০ টকা মূলধন হিচাপে লৈ আগবঢ়া কণিকা তালুকদাৰে বৰ্তমান প্ৰতিমাহে উপাৰ্জন কৰে ৯০-ৰ পৰা ৰ লাখ টকা৷ এদিন কৰ্মসংস্থাপন বিচাৰি ফুৰা কণিকা তালুকদাৰে এতিয়া আন ১০গৰাকীক দিছে কৰ্মসংস্থাপন৷ ‘জয় ভাৰ্মি কম্প’ষ্ট’ নামেৰে কেঁচুসাৰৰ উদ্যোগ গঢ়ি বৰ্তমান গুৱাহাটীৰ প্ৰায়বোৰ নাৰ্ছাৰীৰ উপৰি দৰং, কামৰূপ, বাক্‌সা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও আদি জিলাসমূহলৈ যোগান ধৰি আহিছে৷ তালুকদাৰৰ কেঁচুসাৰ উৎপাদনস্থলী গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা সংস্থানকে আদি কৰি অনেক অনুষ্ঠানৰ প্ৰদৰ্শনস্থলী হৈ পৰিছে৷

Share This