ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰে চহৰৰ পৰা চৰ-চাপৰিলৈকে স্বাস্থ্য সেবাব আমূল পৰিৱৰ্তনৰ শ্ল'গান দি থকাৰ সময়তে বাঘবৰ সমষ্টিত উন্মোচিত হৈছে এক বিপৰীত ছবি। উন্নয়নৰ নামত সততে দম্ভালি মৰা বিধায়ক শ্বেৰমান আলীৰ সমষ্টিত এতিয়া চৰকাৰী ধনৰ অপচয়ৰ এক জ্বলন্ত নিদর্শন দেখিবলৈ পোৱা গৈছে। নির্মাণ সম্পূর্ণ হোৱাৰ সাত বছৰৰ পাছতো ৰাইজৰ বাবে মুকলি নহ'ল আনন্দ বজাৰ স্বাস্থ্য উপ কেন্দ্রটো। যাৰ ফলত লাখ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো এতিয়া এক 'ভূত বঙলা'ত পৰিণত হৈছে।
বৰপেটা জিলাৰ মন্দিয়া আদর্শ চিকিৎসালয় তথা মন্দিয়া খণ্ড জনস্বাস্থ্য গোটৰ অধীনৰ ১৪ নং ছিটৰ ৰাইজে দীর্ঘদিন ধৰি এক উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছিল। উল্লেখযোগ্য যে ২০০৬-০৭ চনৰ পৰাই এই বৃহত্তৰ অঞ্চলটোত এটা স্বাস্থ্য উপ কেন্দ্ৰৰ অভাৱ অনুভৱ কৰি ৰাইজে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত বাৰম্বাৰ যোগাযোগ কৰিছিল। ৰাইজৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত অৱশেষত আনন্দ বজাৰত এটা স্বাস্থ্য উপ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল যদিও গৰাখহনীয়াত অঞ্চলটো ভাঙি যোৱাৰ পাছত ইন্দিৰা নগৰত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।
২০১৯-২০ বর্ষতে এই স্বাস্থ্য উপ কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ হৈ উঠিছিল। আধুনিক সা-সুবিধাৰে সজ্জিত কেন্দ্ৰটোত বিদ্যুৎ সংযোগৰ পৰা আৰম্ভ কৰি ফেন, লাইট আৰু শৌচাগাৰৰ লগতে স্বাস্থ্য উপ কেন্দ্ৰটোৰ চাৰি বেৰৰ কাৰণেও চৰকাৰে প্ৰায় ৫ লক্ষাধিক টকাৰ খৰচ কৰি কামো সমাপ্ত কৰা হৈছিল। কিন্তু, পৰিতাপৰ কথা যে নির্মাণ সম্পূর্ণ হোৱাৰ সাত বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে কোনো এজন চিকিৎসক বা স্বাস্থ্য কর্মীয়ে ইয়াত ভবি নিদিলে। এসময়ত চকচকীয়া হৈ থকা স্বাস্থ্য কেন্দ্রটো এতিয়া হাবি-বন আৰু জংঘলেৰে ভৰি পৰিছে। মানুহৰ পৰিৱর্তে এতিয়া কেন্দ্ৰটো গৰু-ম'হৰ আশ্রয়স্থলীতহে পৰিণত হৈছে। খিৰিকিৰ আইনা ভঙাৰ পৰা আৰম্ভ কৰি ভিতৰৰ আচবাববোৰো এতিয়া ধ্বংসৰ মুখত পৰিছে। চাৰিওফালে গৰু-ছাগলীৰ লগতে মানুহৰ মল-মূত্ৰৰে এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে কাষ চাপিব নোৱৰা অৱস্থা হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিধায়ক শ্বেৰমান আলীয়ে কেৱল গৃহটো নির্মাণ কৰিয়েই নিজৰ দায়িত্ব সামৰিলে। কেন্দ্ৰটো কাৰ্যকৰী কৰাৰ ক্ষেত্রত তেওঁ কোনো পদক্ষেপ গ্রহণ নকৰাৰ বাবেই আজি এই দুৰৱস্থা। সত্ৰকণৰা ১৩ আৰু ১৪ নং ছিটৰ হাজাৰ হাজাৰ লোক এতিয়াও সামান্য চিকিৎসাৰ বাবে বহু দূৰলৈ যাব লগা হয়। এয়া ৰাজনৈতিক মেৰপেঁচ নে স্বাস্থ্য বিভাগৰ চৰম অৱহেলা তাক লৈ এতিয়া প্রশ্ন উত্থাপন হৈছে। অঞ্চলটোৰ ভুক্তভোগীয়ে এতিয়া চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষক অতি শীঘ্রে এই স্বাস্থ্য উপ কেন্দ্রটো কাৰ্যকৰী কৰি ৰাইজৰ বাবে সেৱাত উৎসর্গা কৰি দিবলৈ দাবী জনাইছে।