অংশুমান ভাগৱতীক এ চি এৰ 'ক্রিকেট ৰণনীতি, কাৰিকৰী উপদেষ্টা নিযুক্তি

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : অসমৰ প্ৰাক্তন ৰাজ্যিক ক্রিকেটাৰ অংশুমান ভাগৱতীক অসম ক্রিকেট সন্থাই তিনি বছৰৰ বাবে 'ক্রিকেট কৌশল আৰু কাৰিকৰী পৰামৰ্শদাতা' হিচাপে নিযুক্তি প্রদান কৰিছে। ভাগৱতীয়ে ১৯৯৪-৯৫ চনৰ পৰা ১৯৯৮-৯৯ চন পর্যন্ত ঘৰুৱা ছিজনৰ প্ৰথম শ্ৰেণী আৰু এ তালিকাভুক্ত ক্রিকেটত অসমক প্রতিনিধিত্ব কৰিছিল। 

১৯৯৪-৯৫ ছিজনত বিজয় মার্চেন্ট ট্রফীত (১৬ বছৰ অনূর্ধ্ব) বিজয়ী হৈ ঐতিহাসিক জয়লাভ সাব্যস্ত কৰা অসম দলৰ অধিনায়ক ভাগৱতীয়েই আছিল। সফল খেলুৱৈ জীৱনৰ পিছত ভাগৱতীয়ে যুৱ ক্রিকেটাৰৰ বিকাশৰ বাবে নিজকে উৎসৰ্গা কৰি প্ৰশিক্ষক আৰু ক্রিকেট প্রশাসকলৈ পৰিৱৰ্তিত হয়। উঠি অহা ক্রিকেট প্রতিভাক লালন-পালন আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰাৰ লগতে ইংলেণ্ডৰ লেষ্টাৰচিটি ক্রিকেট একাডেমি স্থাপনকে ধৰি সেই দেশৰ তৃণমূল ক্রিকেটতো তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। 

অসম ক্রিকেট সন্থাই অংশুমান ভাগৱতীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই গুৰুত্বপূৰ্ণ ভূমিকাত তেওঁৰ বহুমূলীয়া অৱদানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে। অসম ক্রিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিবৃতিত এই কথা প্রকাশ।

Share This