ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে প্রকাশ কৰে যে যোৱাটো দশকত ভাৰতৰ সাফল্য আৰু গোলকীয় শক্তি হিচাপে উত্থানৰ ক্ষেত্ৰত 'ৰাষ্ট্ৰ প্ৰথম' মনোভাব হৈছে মূল আধাৰ।
নতুন দিল্লীত মিডিয়া ছামিটত ভাগ লৈ মোদীয়ে কয় যে বিশ্বৰ দ্রুত বিকশিত অর্থনীতি হিচাপেই কেৱল ভাৰতৰ উত্থান ঘটা নাই, তাৰ লগতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপেও উত্থান হৈছে।
'জি-৭ ছামিট'ৰ উল্লেখেৰে প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতৰ 'ৰাষ্ট্ৰ প্ৰথম' নীতিক বিশ্বৰ নেতাসকলেও স্বীকৃতি দিয়াৰ লগতে প্রশংসা কৰিছে। তেওঁ কয় যে ভাৰতীয় সভ্যতাৰ শিপাডাল অতি গভীৰ আৰু ইতিহাস সম্বলিত। ভাৰতে কৃতকার্যতা আৰু ব্যৰ্থতা দুয়োটাৰে পৰাই শিক্ষা লোৱাৰ সামর্থ্য ৰাখিছে বুলিও তেওঁ কয়।