ডিজিটেল ডেস্ক: বিসংগতি আৰু বিতৰ্কৰ মাজেৰে অসম লোকসেৱা আয়োগে আয়োজন কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল কালি পুনৰবাৰ ঘোষণা কৰা হ'ল।
ফলাফল ঘোষণা প্রক্রিয়াত কাৰিকৰী বিংসগতি থকা বুলি উল্লেখ কৰি সোমবাৰে আয়োগে ফলাফল ঘোষণা কৰিও মাত্ৰ এঘণ্টাতে পুনৰ ফলাফল বাতিল কৰি ৱেবছাইটৰ পৰা ফলাফল আঁতৰাই দিছিল। আয়োগৰ এই আজব কাণ্ডত চৌদিশে তীব্র সমালোচনাৰ জোৱাৰ উঠিছিল।
উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগে ২০২৪ চনত মুঠ ২৮৮টা বিভিন্ন ৰাজপত্ৰিত বিষয়াৰ পদৰ বাবে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিছিল। কালি ঘোষণা কৰা চূড়ান্ত ফলাফল অনুসৰি এইবাৰ পৰীক্ষাত শীর্ষস্থান লাভ কৰি অসম অসামৰিক সেৱা লাভ কৰে নীহাৰ ৰঞ্জন ডেকাই।
অসম আৰক্ষী সেৱাত শীর্ষস্থান লাভ কৰে ভাস্কৰজ্যোতি মেধিয়ে। ইফালে এ চি এছত দ্বিতীয় স্থান ৰাজনীশ শৰ্মাই আৰু তৃতীয় স্থান পাঞ্চালী দেৱীয়ে লাভ কৰে। একেদৰে অসম আৰক্ষী সেৱাত অম্লান বৰুৱাই দ্বিতীয় স্থান আৰু ধৃতিমান বর্মনে তৃতীয় স্থান লাভ কৰে। শ্রম বিষয়া সেৱাত ৰেহানা খাতুন আৰু কিশোৰ নিৰলাই স্থান লাভ কৰে। জিলা পৰিবহণ বিষয়া পদত কৌশিক কাশ্যপ শইকীয়া আৰু তুষাৰ জিৎ মেধিয়ে নিযুক্তি লাভ কৰিছে। খণ্ড উন্নয়ন বিষয়া পদত প্রথম স্থান লাভ কৰে ৰ'জনিনা পাৰবিন, দ্বিতীয় স্থানত কপিল নাথ আৰু তৃতীয় স্থান লাভ কৰে ৱাছিম আহমেদে।
অসম বিত্ত সেৱাত প্রথম স্থান লাভ কৰে আছমিনা আখতাৰ, দ্বিতীয় স্থান লাভ কৰে পূর্বাশ্রী দেৱ আৰু তৃতীয় স্থান লাভ কৰে নয়নজ্যোতি বৈশ্যই। কৰ পৰিদৰ্শক পদত প্রথম স্থান লাভ কৰে হৃতৃষ্ণা ডেকা, দ্বিতীয় স্থান লাভ কৰে স্বেতা পাচনী আৰু তৃতীয় স্থান লাভ কৰে মানস প্রতিম ডেকাই। শ্ৰম পৰিদৰ্শক সেৱাত গীত বর্ষা দাসে প্রথম, অংকুৰজ্যোতি বৰদলৈয়ে দ্বিতীয় আৰু নাফিছা অঞ্জুম হুছেইনে তৃতীয় স্থান লাভ কৰে।
আবকাৰী পৰিদৰ্শক পদত প্রথম স্থান লাভ কৰে ফজলুল জুবেইড, দ্বিতীয় স্থান লাভ কৰে ধৰিত্ৰী বৰকটকী আৰু তৃতীয় স্থান লাভ কৰে অলীণ্ডা চৌধুৰীয়ে। সহকাৰী নিযুক্তি বিষয়া পদত হিমাংশু শেখৰ শইকীয়া ফুকনে প্রথম, আকাংক্ষা হাজৰিকাই দ্বিতীয় আৰু নিলাদ্রী মহন্তই তৃতীয় স্থান লাভ কৰে। সহকাৰী পঞ্জীয়ক পদত বিবাস্বন আদিত্য শইকীয়াই প্রথম, মৃগাক্ষী ভট্টাচার্যই দ্বিতীয় আৰু নয়নজ্যোতি বর্মনে তৃতীয় স্থান লাভ কৰে।