ডিজিটেল ডেস্ক: অসম লোকসেৱা আয়োগে আয়োজন কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ কালি ফলাফল ঘোষণা কৰিও বাতিল কৰা হয়। ফলাফল ঘোষণা প্ৰক্ৰিয়াত কাৰিকৰী বিসংগতি থকা বুলি উল্লেখ কৰি কিছু সময়ৰ পাছতে সদ্যঘোষিত ফলাফল বাতিল কৰা বুলি ঘোষণা কৰে। লগতে আয়োগৰ ৱেবছাইটৰ পৰা ফলাফল আঁতৰাই দিয়া হয়। ইফালে, আয়োগৰ এই কামৰ পাছতে তীব্র সমালোচনাত সৰৱ হোৱাৰ লগতে তদন্তৰ দাবী কৰিছে আছু আৰু অসম জাতীয় পৰিষদে।
উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগে ২০২৪ চনত মুঠ ২৮৮টা বিভিন্ন ৰাজপত্ৰিত বিষয়াৰ পদৰ বাবে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাৰে কালি বিয়লি আয়োগৰ ৱেবছাইটযোগে ফলাফল ঘোষণা কৰে। আয়োগে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্য সেৱাসমূহৰ বাবে সৰ্বমুঠ ২৮৮ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিত অনুমোদন দিয়ে।
ফলাফল অনুসৰি অসম অসামৰিক সেৱাত মুঠ ৪৫গৰাকী প্রার্থী, অসম আৰক্ষী সেৱাত মুঠ ২০গৰাকী প্রার্থী, অসম বন সেৱাত ৫৩গৰাকী, কৰ পৰিদৰ্শক পদত ৫১গৰাকী উত্তীর্ণ প্রার্থীৰ তালকা প্রকাশ কৰা হৈছিল। একেদৰে খণ্ড উন্নয়ন বিষয়া পদত ৯গৰাকী, আবকাৰী পৰিদৰ্শক পদত ১৯গৰাকী প্ৰাৰ্থী উত্তীর্ণ হয়। ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ পৰীক্ষাত শীর্ষস্থান লাভকৰি অসম অসামৰিক সেৱা লাভ কৰিছিল নিহাৰ ৰঞ্জন ডেকাই। এ চি এছত দ্বিতীয় স্থান ৰাজনীশ শর্মাই আৰু তৃতীয় স্থান পাঞ্চালী দেৱীয়ে লাভ কৰিছিল।
আনহাতে, অসম আৰক্ষী সেৱাত ভাস্কৰজ্যোতি মেধিয়ে প্রথম স্থান, অম্লান বৰুৱাই দ্বিতীয় স্থান আৰু ধৃতিমান বর্মনে তৃতীয় স্থান লাভ কৰিছিল। জিলা পৰিবহণ বিষয়া পদত কৌশিক কাশ্যপ শইকীয়া আৰু তুষাৰ জিৎ মেধিয়ে নিযুক্তি লাভ কৰিছিল। খণ্ড উন্নয়ন বিষয়া পদত প্রথম স্থান লাভ কৰিছিল ৰ'জনিনা পাৰবিন, দ্বিতীয় স্থানত কপিল নাথ আৰু তৃতীয় স্থান লাভ কৰিছিল রাছিম আহমেদে। অসম বিত্ত সেৱা পদত প্রথম স্থান লাভ কৰিছিল আছমিনা আখতাৰে, দ্বিতীয় স্থান লাভ কৰিছিল পূর্বাশ্রী দেৱী আৰু তৃতীয় স্থান লাভকৰিছিল নয়নজ্যোতি বৈশ্যই। কৰ পৰিদৰ্শক পদত প্রথম স্থান লাভ কৰিছিল হৃতৃষ্ণা ডেকাই, দ্বিতীয় স্থান লাভ কৰিছিল শ্বেতা পাচনী আৰু তৃতীয় স্থান লাভ কৰিছিল মানস প্রতিম ডেকাই। আবকাৰী পৰিদৰ্শক পদত প্রথম স্থান লাভ কৰিছিল ফজলুল জুবেইডে, দ্বিতীয় স্থান লাভ কৰিছিল ধৰিত্ৰী বৰকটকীয়ে আৰু তৃতীয় স্থান লাভ কৰিছিল অলিন্দ্ৰা চৌধুৰীয়ে।
ইফালে, ফলাফল ঘোষণা কৰাৰ পাছতে সফলতা লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত ব্যাপক আনন্দ-উছাহৰ ঢল উঠে। ৰাজ্যৰ প্রান্তে প্রান্তে আনন্দ-উৎসাহ চলি থকাৰ সময়তে অসম লোকসেৱা আয়োগে আন এখন জাননী জাৰি কৰি আজি ঘোষণা কৰা ফলাফল বাতিল কৰে। ফলাফলত ৰৈ যোৱা কাৰিকৰী বিসংগতিৰ বাবেই ঘোষিত ফলাফল বাতিল কৰা বুলিও উল্লেখ কৰে। লগতে সকলো বিসংগতিৰ পুনৰ পৰীক্ষণ কৰি সকলো ঠিক কৰি পুনৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও আয়োগৰ প্রধান পৰীক্ষা নিয়ন্ত্রকে জাননীযোগে প্রকাশ কৰে। ইয়াৰ সমান্তৰালভাৱে আয়োগে তাৎক্ষণিকভাৱে ৱেবছাইটৰ পৰা ঘোষিত ফলাফলৰ তালিকা আঁতৰাই দিয়ে।
ইফালে, আয়োগৰ এই কাণ্ডত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই। তেওঁ সামাজিক মাধ্যমযোগে তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসম লোকসেৱা আয়োগৰ এই নাভূত-নাশ্রুত কাণ্ড কোনোপধ্যেই গ্রহণযোগ্য নহয়। ফলাফল ঘোষণাৰ পূৰ্বে সাৱধানতা অবলম্বন কৰিব লাগে। ফলাফল ঘোষণা হোৱাৰ পাছত এইদৰে কৃতকার্য পৰীক্ষাৰ্থীসকলৰ, তেওঁলোকৰ অভিভাৱকৰ আশা-হেঁপাহ-সুখানুভূতিৰ সৈতে হেতালি খেলাটো নিতান্তই নিন্দনীয় কার্য হৈছে। এয়া চূড়ান্ত অন্যায় আৰু অপদাৰ্থ প্ৰশাসনৰ জ্বলন্ত উদাহৰণ বুলি আছুৰ সভাপতিজনে কয়। তেওঁ পৰীক্ষার্থীসকলক ন্যায় প্রদান কৰিবলৈ দাবী জনাই যাৰ গাফিলতি আৰু ত্রুটীৰ বাবে এই বিসংগতি সংঘটিত হৈছে, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ দাবীও কৰে। ইফালে, এই ফলাফল বাতিল-কাণ্ডৰ তদন্তৰ দাবী কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিও বাতিল কৰা ঘটনা বিস্ময়কৰ আৰু ৰহস্যজনক আখ্যা দিয়ে।
ব্যাপক দুর্নীতি-অনিয়মৰ বাবে অসম লোকসেৱা আয়োগৰ বিশ্বাসযোগ্যতা ইতিপূর্বেই প্রত্যাহ্বানৰ মুখত পৰিছে বুলি উল্লেখ কৰি তেওঁলোকে এনে প্রেক্ষাপটত আজি ফলাফল ঘোষণা কৰিও বাতিল কৰি দিয়াটোৱে আয়োগৰ ওপৰত পুনৰ সন্দেহ সৃষ্টি কৰাৰ লগতে ৰাইজৰ আস্থাও হ্রাস পাব। এই ঘটনাই লোকসেৱা আয়োগৰ পৰীক্ষা মূল্যায়ন আৰু ফলাফল প্ৰস্তুত কৰাত পুনৰ কিবা অঘটন ঘটাৰ সন্দেহৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী কৰে। এ পি এছ চিৰ ফলাফল ঘোষণাত লোকসেৱা আয়োগে কৰা খেলিমেলিক ল'ৰা ধেমালি আখ্যা দিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। ফলাফল ঘোষণাৰ এঘণ্টাৰ পাছতে ফলাফল বাতিল কৰাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই কাণ্ডত গভীৰ উদ্বেগ প্রকাশ কৰে। তেওঁ অসম চৰকাৰ আৰু এ পি এছ চিক প্রশ্ন কৰে যে এসপ্তাহ পূর্বে মৌখিক পৰীক্ষা সমাপ্ত হৈছিল। আগৰ দুয়োটা পৰীক্ষাৰ ফলাফল পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত মৌখিক পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ তিনি দিনৰ পাছতে ফলাফল ৰাজহুৱা কৰা হ'ব।
ৰাকেশ পালৰ দিনতে এই সিদ্ধান্ত কৰা হৈছিল। কিন্তু আজি এসপ্তাহলৈকে ফলাফল ঘোষণা নকৰাটোৱে প্ৰাৰ্থীসকলৰ মাজত সাংঘাতিক সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰি আহিছিল। ইয়াৰ মাজতে বিশেষ আসোঁৱাহৰ বিষয়ে উল্লেখ কৰি অনিশ্চাকৃত বা বিসংগতিপূর্ণ বিষয়ৰ বাবে এই ৰিজাল্ট ছীটখন বাতিল কৰা বুলি কোৱাটোৱে সাংঘাতিক ধৰণেৰে সন্দেহৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়। স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ ফলাফল বিসংগতিপূর্ণ বুলি বাতিল কৰাটোৱে চৰকাৰখনৰ স্বচ্ছতা আৰু নিকা বুলি কোৱা নিযুক্তিৰ প্রতি প্রশ্ন উত্থাপন হৈছে বুলি উল্লেখ কৰি সংগঠনটোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে।