আজিৰ পৰা জয়ছালমেৰত সেনা কমাণ্ডাৰসকলৰ সন্মিলন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

dainik janambhumi October 24, 2025

ডিজিটেল ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্রমণসূচীৰে শুকুৰবাৰে জয়ছালমেৰলৈ যাব। তাত তেওঁ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেশ্যন সেন্দূৰৰ পাছত প্ৰথমবাৰৰ বাবে এনে সন্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্রত্যাহ্বানসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে সেনাৰ শীৰ্ষ বিষয়াসকল একত্রিত হোৱাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে।

প্ৰতিৰক্ষা সূত্রসমূহে প্রকাশ কৰা অনুসৰি এই সন্মিলনত সেনাৰ মুৰববী আৰু শীর্ষ কামাণ্ডৰসকলে দেশৰ নিৰাপত্তাৰ বিভিন্ন দিশৰ লগতে আধুনিক যুদ্ধ কৌশল তথা প্ৰতিৰক্ষা অভিযানসমূহত ব্যৱহাৰ কৰিবলগীয়া আধুনিক প্রযুক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব।

ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লংগেৱালা সীমান্ত ছাউনী পৰিদৰ্শন কৰিব আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত শ্বহীদ হোৱা জোৱানসকলৰ প্ৰতি শ্রদ্ধার্ঘ্য নিৱেদন কৰিব। তেওঁ লগতে সেনা যুদ্ধ সংগ্ৰহালয়ো পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়তেই সিঙে সৌর্য পাৰ্ক আৰু কেকটাছ পাৰ্ক ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰি সেনাবাহিনীৰ সাহস আৰু ঐতিহাসিক বীৰগাথা বৰ্ণনা কৰা শব্দ আৰু পোহৰৰ প্ৰদৰ্শনী মুকলি কৰিব।

Share This