ডিজিটেল ডেস্ক: দেশত ইতিবাচক পৰিৱৰ্তনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাই (এ আই) বৃহৎ সুযোগ কঢ়িয়াই আনিছে। বৃহস্পতিবাৰে নৱবৰ্ষৰ প্ৰথম দিনটোত এই মন্তব্য কৰে দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমাজৰ সকলো খণ্ডত এ আইৰ সুবিধাসমূহ উপলব্ধ কৰোৱাটো নিশ্চিত কৰিব লাগে। বিশেষকৈ সুবিধা বঞ্চিত লোকসকলৰ বাবে এ আই প্রদত্ত সুবিধাবোৰ উপলব্ধ কৰোৱাটো আৱশ্যকীয় হৈ পৰিছে বুলি ৰাষ্ট্ৰপতি মুর্মুৱে মন্তব্য কৰে। কৌশল বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে ভাৰতীয় অর্থনীতিৰ বিকাশৰ বাবে এ আই চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। অহা দশকসমূহত দেশৰ জি ডি পি, নিযুক্তি আৰু উৎপাদনশীলতাত কৃত্রিম বুদ্ধিমত্তাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি ৰাষ্ট্ৰপতি মুর্মুৱে মন্তব্য কৰে।