ডিজিটেল ডেস্ক : বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে বিশ্বক এটা নতুন স্তৰলৈ লৈ গৈছে। এই নতুন স্তৰত কৃত্রিম বুদ্ধিমত্তাই (এ আই) বিশেষ গুৰুত্ব লাভ কৰিছে। সাম্প্রতিক বিশ্বত স্বাস্থ্যৰ পৰা শিক্ষাখণ্ডলৈ, চিকিৎসাৰ পৰা অৰ্থনৈতিক দিশলৈ সকলোতে এ আইৰ প্ৰভাৱ বিদ্যমান।
ভাৰততো শেহতীয়াকৈ চিকিৎসকৰ ৰূপত অৱতীৰ্ণ হৈছে এ আই। লাখ লাখ ভাৰতীয়ই এ আইৰ পৰিচালিত চাট জি পি টিৰ পৰা সম্প্ৰতি স্বাস্থ্য পৰামৰ্শ গ্রহণ কৰে। স্বাস্থ্য পৰামৰ্শৰ ক্ষেত্রত চাট জি পি টি এটা জনপ্রিয় মাধ্যম হৈ পৰিছে। বিভিন্ন ৰোগৰ লক্ষণ, চিকিৎসাজনিত সমস্যাৰ পৰা খাদ্য তালিকালৈকে সকলো বিষয়তে তৎমুহূৰ্ততে সমাধান সূত্ৰ দিব পাৰে চাট জি পি টিয়ে।
ভাৰতৰ কিশোৰৰ পৰা ৬৫ বছৰ বয়সীয়া লোকজনলৈকে বিভিন্ন বয়সৰ লোকে এতিয়া স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ বাবে চিকিৎসকৰ কাষ চপাৰ পূৰ্বে চাট জি পি টিৰ সহায় লয়। এ আই পৰিচালিত এই প্লেটফর্মে জনতাক ৰোগৰ সমাধান সূত্র, ফিটনেছ ৰুটিন আদিৰ জৰিয়তে যথেষ্ট সহায় আগবঢ়াই আহিছে। এক কথাত চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ হৈছে চাট জি পি টি।