লখিমপুৰত কৃত্ৰিম বৰষুণ সৃষ্টি

dainik janambhumi July 07, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ লখিমপুৰতো অভাৱনীয় খৰাং পৰিস্থিতিয়ে দেখা দিছে। ইফালে এই খৰাঙৰ মাজতে উৎকট গৰমে জিলাবাসীক বাৰুকৈ অস্বস্তিত পেলাইছে। যোৱা দুদিন ধৰি লখিমপুৰত সর্বোচ্চ তাপমাত্রা ৩৫-৩৬ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাত জনজীৱন স্তব্ধ হৈ পৰিছে। ডেই-পুৰি যোৱা ৰ'দত ৰাইজ এতিয়া হাবাথুৰি খাবলগা হৈছে। পুৱাই ওলোৱা প্ৰখৰ ৰ'দে কৃষকসকলকো বাৰুকৈ অসুবিধাত পেলাইছে। 

সৰ্বসাধাৰণ ৰাইজে এতিয়া উৎকট গৰমৰ বাবে ঘৰৰ ভিতৰতো থাকিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইফালে কৃষকসকলে পথাৰত পানীৰ অভাৱত কৃষিকার্য কৰাত বাধা আহি পৰাৰ লগতে বহু ঠাইত কৃষকে বৰষুণৰ অভাৱত ভূঁই ৰুব পৰা নাই। বিশেষকৈ পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত এতিয়া অভাৱনীয় খৰাং পৰিস্থিতিয়ে দেখা দিছে। ঠায়ে ঠায়ে বহু কৃষকৰ পথাৰ শুকান হৈ পৰাত এইসকল খেতিয়ক চিন্তিত হৈ পৰিছে। বৰষুণৰ অভাৱত এতিয়াও লখিমপুৰ জিলাৰ বহু কৃষকে কঠীয়া পাৰিব পৰা নাই। ইফালে কালি লখিমপুৰ নগৰত ৰ'দৰ পৰা ৰাইজক সকাহ দিবৰ বাবে উত্তৰ লখিমপুৰ পৌৰসভাই কেইবাখনো বাহনেৰে পথত পানী ছটিওৱা পৰিলক্ষিত হয়। 

ৱাটাৰ স্প্রিংকলাৰ মেচিনেৰে বৰষুণৰ দৰে পানী ছটিওৱা কাৰ্যই সকলোৰে দৃষ্টি আকর্ষণ কৰে। লখিমপুৰ পৌৰসভাই এনে অত্যাধুনিক প্রযুক্তিৰ সহায়ত নগৰখনৰ মাজেৰে সঘনাই পানী ছটিয়াই ৰাইজক সকাহ দিয়াৰ চেষ্টা চলায়। পৰিতাপৰ কথা যে জিলাখনত দেখা দিয়া খৰাং পৰিস্থিতি তথা বৰষুণৰ অভাৱত এতিয়া প্ৰখৰ ৰ'দত পথাৰতে মাছ, ভেকুলী, সাপ, কীট-পতংগ আদিৰ মৃত্যু হোৱাৰ লগতে ঠায়ে ঠায়ে গৰমত পশুধনৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। 

উল্লেখনীয় কথা যে পুৱাই ওলোৱা প্ৰখৰ ৰ'দৰ বাবে এতিয়া একাংশ কৃষকে দ-চানেকিয়া মাটিত খেতি কৰাৰ বাবেও বাধাৰ সৃষ্টি হৈছে। কোনো কোনো ঠাইত অলপ অচৰপ পানী আছে যদিও সূৰ্যৰ প্ৰচণ্ড তাপৰ বাবে এইসকল কৃষকে পথাৰত নামিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। জলসিঞ্চন বিভাগে এইপর্যন্ত জিলাখনত পানী যোগানৰ বাবে কোনো ব্যৱস্থা কৰাৰ তথ্য পোহৰলৈ অহা নাই।

Share This