ডিজিটেল ডেস্ক : অসমৰ জাতীয় জীৱনৰ আয়ুস-ৰেখাস্বৰূপ বহাগ বিহুলৈ আছে মাজত মাত্র এটা মাহৰো কম সময়। এই বহাগ মাহত ৰঙালী বিহু উদ্যাপনক লৈ ইতিমধ্যে আয়োজক সমিতিসমূহে একপ্ৰকাৰ প্ৰাক্ প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ইতিমধ্যে সাজু হৈছে শিল্পী তথা কলা-কুশলীসকল। ৰাজ্যখনৰ ৰঙালী বিহুথলীসমূহত গ্ৰাম্য প্রতীক তথ্য পানুয়া কুটাৰ শিক্ষন অনন্য নিদর্শন জাপি শিল্পই প্রাধান্য লাভ কৰি আহিছে। ৰাজ্যখনৰ ভিতৰতে জাপি সজাত প্রথম স্থান অধিকাৰ কৰি অহা নলবাৰী জিলাৰ জাপি শিল্পীসকলে এইবাৰো জাপি সজাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে।
ৰাজ্যৰ উজনি-নামনি সর্বত্র জনপ্রিয় হৈ পৰা ফুলাম জাপিয়ে বিহুতলী-বিহুমঞ্চসমূহ শুৱনি কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰায় ডেৰ-দুই সহস্রাধিক কুটীৰ শিল্পীয়ে বিগত এমাহমানৰ পৰা জাপি সজাৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে। বিশেষকৈ জিলাখনৰ তিলানা, বালামুগকুছি, সূতাৰকুছি, তেৰেছিয়া, কৰ্দৈতলা আদি গাঁৱৰ জাপি শিল্পীসকলে নিজৰ ঘৰখনকে একো একোটা ক্ষুদ্র উদ্যোগলৈ ৰূপান্তৰিত কৰি সমাজৰ পৰা প্রশংসিত হ'বলৈ সক্ষম হোৱাৰ লগতে আর্থিকভাবেও স্বাৱলম্বী হৈ আহিছে। জিলাখনৰ কৰ্দৈতলা গাঁৱৰ জাপি শিল্পী মোহন কলিতা, সূতাৰকুছি গাঁৱৰ উমেশ কলিতা, তৰুণ কলিতা, তিলানা গাঁৱৰ মুকুট তামুলী, যমুনা কলিতা, দমেহীতোলা (দিঘেলী)ৰ ৰমণী কলিতা, কামেশ্বৰ মেধি, বালামুগকুছি গাঁৱৰ ধর্মেন্দ্র বৈশ্য, মহেশ বৈশ্যকে ধৰি প্রায় সহস্রাধিক ডেকা-বৃদ্ধ কুটীৰ শিল্পীয়ে জাপি সজাত ব্যস্ত হৈ থকা দেখা গৈছে। এইসকল শিল্পীয়ে বিহুতলীক লক্ষ্য কৰি নানাতৰহৰ ফুলাম জাপি, বেজ জাপি (ক্ষুদ্ৰ আকাৰৰ), হালোৱা জাপি আদি তৈয়াৰ কৰি আছে। কিন্তু দুখৰ বিষয় যে আধুনিকীকৰণৰ ক্ষেত্ৰত চৰকাৰী উদাসীনতাৰ ফলত কুটীৰ শিল্পবিধক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সপোন শিল্পীসকলৰ অদ্যাপি বাস্তৱত পৰিণত হোৱা নাই। তথাপি এই শিল্পবিধক আগুৱাই নিয়াৰ ক্ষেত্ৰত আহি পৰা প্ৰতিবন্ধকতাক প্রত্যাহ্বান হিচাপে গ্রহণ কৰি জিলাখনৰ এইসকল শিক্ষিত-অশিক্ষিত যুৱক-যুৱতী, পুৰুষ-মহিলাৰ লগতে অশীতিপৰজনেও শিল্পবিধৰ লগত জড়িত হৈ আহিছে।
আনহাতে, শিল্পবিধ বৃহৎ উদ্যোগ হিচাপে গঢ় লৈ নুঠাত ১০-১৫টা পৰিয়াল একলগ হৈ তৈয়াৰ কৰা জাপিসমূহ ৰাজ্যৰ প্রান্তে প্রান্তে বিক্ৰী কৰি কিছু হ'লেও অর্থ উপাৰ্জন কৰি আহিছে। কুটীৰ শিল্পীসকলে সুনিপুণ হাতৰ কৌশলেৰে জাতীয় জীৱনৰ সংস্কৃতিক প্রতিনিধিত্ব কৰি অহা এই শিল্পবিধৰ - প্রতি চৰকাৰৰ সুদৃষ্টি পৰাৰ বাবে সচেতন ৰাইজে আহ্বান জনাইছে। আনকি জিলাখনৰ কেইবাটাও জাতীয় সংগঠনে শিল্পবিধৰ সৈতে জড়িত হৈ অহা দৰিদ্ৰ শিল্পীসকলক সহায় কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।