ডিজিটেল ডেস্ক : মৰিয়নিৰ কেইবাখনো চাহ বাগিচাৰ ২৪জনকৈ শ্রমিকক তেজপুৰত কাম কৰিবলৈ বুলি নি অৰুণাচলত বন্দী কৰি ৰখা ঘটনাই মৰিয়নিত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অৱশেষত অসম আৰক্ষীৰ দৃঢ় স্থিতিত বন্দী শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দর্ভত জানিব পৰা মতে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ ৰূপা নামৰ ঠাইৰ বুলি নিজকে চিনাকি দিয়া সূর্য তামাং নামৰ এজন লোকে তেজপুৰত কাম কৰিবৰ বাবে শ্রমিক বিচাৰি মৰিয়নিৰ দিহিঙীয়াপাৰ চাহ বাগিচাৰ পিটকা মাঝিৰ লগতে অসম-নগালেণ্ড সীমান্তৱৰ্তী নিউ সোণোৱাল সেউজী গাঁৱৰ লক্ষ্মণ দত্ত আৰু দুলাল ঘোষৰ সৈতে যোগাযোগ কৰে।
মৰিয়নিৰ তিনিও লোকৰ আমন্ত্ৰণ মর্মে অৰুণাচলৰ সূৰ্য তামাং যোৱা ৪ এপ্ৰিলত মৰিয়নিলৈ আহি দিহিঙীয়াপাৰ চাহ বাগিচাত কেইজনমান শ্রমিকক লগ ধৰে। লোককেইজনে বাগিচাখনৰ কেইজনমান যুৱকৰ লগতে কাষৰীয়া দুই-এখন বাগিচাৰ পৰাও মুঠ ২০জন শ্রমিক যোগাৰ কৰে। লোককেইজনে শ্রমিকসকলক তেজপুৰত কাম কৰিব লাগিব বুলি কোৱাৰ লগতে মাহে ৭ হাজাৰ টকাকৈ দিয়াৰ মৌখিক চুক্তি কৰে। সেই মর্মে তেওঁলোক ৭ এপ্রিলত তেজপুৰলৈ ৰাওনা হয়। কিন্তু তেজপুৰ মিছন চাৰিআলি পোৱাৰ পাছতেই অন্য তিনিখন বাহনত শ্রমিককেইজনক উঠাই লৈ অৰুণাচললৈ ৰাওনা হয়। গাড়ীত উঠাৰ পাছতেই শ্রমিকসকলক নিচাযুক্ত দ্রব্য দিয়া হৈছিল, যাৰ বাবে তেওঁলোক অচেতন হৈ পৰিছিল। পাছত আটাইকেইজন শ্রমিকে নিজকে অৰুণাচলৰ ৰূপাত আৱিষ্কাৰ কৰে।
অৰুণাচল পোৱাৰ পাছত শ্রমিককেইজনৰ ম'বাইল, নথি-পত্র, টকা-পইচা আদি কাঢ়ি লৈছিল, যাতে পৰিয়াল বা অন্য লোকৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰে। তেওঁলোকক তাত বন্দী কৰি ৰখা হৈছিল। শ্রমিককেইজনে জানিবলৈ দিয়া মতে, তেওঁলোকক জোৰজবৰদস্তি খেতিপথাৰত পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈকে খটুৱাইছিল। অন্যথা বিভিন্ন ভাবুকি দিয়াৰ লগতে মাৰপিট কৰিছিল। ইফালে, তেজপুৰত কাম কৰিবলৈ যোৱা শ্ৰমিকসকলৰ সৈতে পৰিয়ালৰ লোকৰ কোনো যোগাযোগ নোহোৱাত তেওঁলোক চিন্তিত হৈ পৰে। ইয়াৰে, কুমাৰ চাহু নামৰ এজন শ্রমিকৰ পত্নী গৌৰী চাহুৱে যোৱা ২৭ এপ্ৰিলতে দেবেৰাপাৰ আৰক্ষী চকীত লোককেইজন হেৰোৱাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। দেবেৰাপাৰ আৰক্ষীয়ে প্ৰথম অৱস্থাত বিষয়টো সাধাৰণভাৱে লয়। কিন্তু যোৱা ১৪ মে'ত দলটোৰ ৮জন শ্রমিক কিবাপ্ৰকাৰে ওলাই আহিবলৈ সক্ষম হয় আৰু সমগ্র ঘটনা আৰক্ষীক অৱগত কৰে। তেওঁলোক ক্রমে দিহিঙীয়াপাৰ চাহ বাগিচাৰ অমিত গোৱালা, চাকু চাহু, জিতেন মুণ্ডা, অর্জুন চাহু, নাৰায়ণ চাহু, ঈশু এক্কা, দাদু গড় আৰু বিমল তপ্ন। তাৰ পাছতেই তৎপৰ হৈ পৰে দেবেৰাপাৰ আৰক্ষী। আৰক্ষীয়ে দুই অভিযুক্ত পিটকা মাঝি আৰু লক্ষ্মণ দত্তক আটক কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২) (বি)/১৪৩ (৩)/১২৭ (৪) ধাৰাত এক গোচৰ (নং ৭০/২০২৫) ৰুজু কৰে। পাছত সোধ-পোছাৰ অন্তত মানৱ সৰবৰাহৰ অপৰাধত দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত দুই অভিযুক্ত মানৱ সৰবৰাহ দালাল চক্ৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। অভিযুক্তৰ স্বীকাৰোক্তি মৰ্মে দেবেৰাপাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক আব্দুল ৰহমানে সমগ্ৰ ঘটনাৰ অনুসন্ধান কৰে।
পাছত যোৱা ১৮ মে'ত উপ-পৰিদৰ্শক আব্দুল ৰহমানৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলে অৰুণাচলৰ ৰূপা আৰক্ষীৰ সৈতে যোগাযোগ কৰি আবদ্ধ হৈ থকা বাকী শ্রমিককেইজনকো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা শ্রমিককেইজন ক্রমে দিহিঙীয়াপাৰ চাহ বাগিচাৰ দেবাৰু চাহু, নিৰ্মল বাউৰী, কুমাৰ চাহু, ৰাজবাবা উড়িয়া, দেবাৰু খাড়িয়া, সঞ্জয় কৰ্মকাৰ, বিনোদ ৰেলী, সুৰেশ ৰেলী, নিতাই বাউৰী, শিৱনাথ কৰ্মকাৰ, মহেশ্বৰ মুণ্ডা, আকাশ ভূমিজ, প্রতাপ তেলেংগা, হোলোংগুৰি চাহ বাগিচাৰ বিকাশ মির্ধা, খাটিসোণা চাহ বাগিচাৰ সুনীল কর্মকাৰ (১) আৰু সুনীল কর্মকাৰ (২)। পাছত আটাইকে পৰিয়ালক চমজাই দিয়া হয়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্থানীয় সচেতন ৰাইজে আৰক্ষীৰ সক্রিয় ভূমিকাৰ শলাগ লৈছে। ঘটনাটোৱে সমগ্র মৰিয়নিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।