ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ শান্তি আলোচনা আৰু স্থিতাৱস্থা বাহাল ৰখাৰ আহ্বানৰ সুবিধা আৰু সুযোগ লৈ লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী বান্দৰদেৱাৰ বিভিন্ন অঞ্চলত আজিও অৰুণাচলীয়ে অসমৰ ভূমিত আগ্রাসন অব্যাহত ৰাখিছে। যোৱা সোমবাৰে পুনৰ পথালিপাহাৰত অৰুণাচলীয়ে মাটি দখল কৰি গৃহ নিৰ্মাণৰ ঘটনাই ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ চূড়ান্ত অৱহেলাৰ সুযোগ লৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী পথালিপাহাৰত পুনৰ চলিছে অৰুণাচলীৰ তাণ্ডৱ।
জানিব পৰা মতে, পথালিপাহাৰ সীমান্ত প্ৰহৰী আদর্শ গাঁৱত অসমৰ মাটি দখল কৰি অৰুণাচলী লোকে নিৰ্মাণ কৰিলে এটি গৃহ। বিগত সময়তো অসমৰ মাটি অৰুণাচলীয়ে দখল কৰি অহাৰ অভিযোগ আনিছে সীমান্তৱৰ্তী অসমীয়া ৰাইজে। ইতিমধ্যে অৰুণাচলীয়ে অসমৰ যথেষ্ট সংখ্যক ভূমি বেদখল কৰি চাহ বাগান, বাট পথ নির্মাণ, বিজুলী সংযোগ কৰি স্থায়ীভাবে বসবাস কৰিলে। সীমান্তৱৰ্তী অসমৰ দৰিদ্ৰ ৰাইজে এইসমূহ চকুৰ আগত দেখাৰ পাছতো অসহায় হৈ নিমাতে চাই থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ। অসমৰ প্ৰশাসনক সীমান্তৱৰ্তী অসমীয়াই কথাবোৰ অৱগত কৰি আহিছে যদিও কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই সীমান্তবাসী গঞাই।
উল্লেখযোগ্য যে অসমৰ সীমা সমস্যাৰ সমাধানৰ নামত অসম চৰকাৰে দীৰ্ঘদিন ধৰি সীমান্তবাসীক প্ৰতাৰিত কৰি ৰাজনীতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শাসনৰ গাদীত বহাৰ পাছত অৰুণাচল চৰকাৰৰ সৈতে আলোচনা মর্মে অসমৰ সীমা সমস্যা সমাধানৰ যি ৰাইজক আশ্বাস আৰু প্রতিশ্রুতি দিছিল সেয়া আজিও পূৰণ নোহোৱাত লখিমপুৰ, শোণিতপুৰ আৰু ধেমাজি জিলা সীমান্তবাসীয়ে বঞ্চিত হৈ ক্ষোভিত হৈ আছে। বিগত প্রায় তিনি মাহ ধৰি অৰুণাচলীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি অসমৰ ভূমি আগ্রাসনত নমাৰ পাছতো অসম চৰকাৰৰ স্থিতিক লৈ সীমান্তবাসীয়ে মাটি-ভেটি হেৰুওৱাৰ আশংকাত ভুগিছে। সীমান্তৰ অসমীয়া লোকসকলক উদ্বিগ্ন কৰি তুলিছে। অসম চৰকাৰে সময় থাকোঁতেই অৰুণাচলীৰ এই আগ্রাসন ৰোধ কৰি যদি অবৈধ বেদখলকাৰীক উচ্ছেদৰ ব্যৱস্থা নলয় তেনেহ'লে অনাগত দিনত অৰুণাচলীয়ে সীমান্তৰ অসমৰ ভূমি অসমৰ মানচিত্ৰৰ পৰা এদিন নাইকিয়া কৰি দিব।