অসমৰ আৰক্ষী-বনকর্মীলৈ ১৬ জাঁই গুলী অৰুণাচলী দুর্বৃত্তৰ, বিহালী অভয়াৰণ্যত গছ কটাত বাধা দিয়াৰ সময়তে অঘটন

dainik janambhumi July 08, 2026

ডিজিটেল ডেস্ক : বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত সোমবাৰে সংঘটিত হয় গুলী চালনাৰ এটা ঘটনা। অসমৰ টহলদাৰী আৰক্ষী আৰু বন সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি অৰুণাচলী দুর্বৃত্তই এই গুলী বৰ্ষণ কৰে। উল্লেখযোগ্য যে বহু বছৰ ধৰি তেতিয়াৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা বৰ্তমানৰ বিহালী। অভয়াৰণ্যত অৰুণাচলী লোকে ধাৰাবাহিকভাবে আগ্রাসন চলাই আহিছে। অৰুণাচলীৰ আগ্ৰাসন আৰু অবাধ বনধ্বংস কার্যই চৰমসীমা পাৰ হৈ যোৱাৰ মাজতে সোমবাৰে বিয়লি বিহালী অভয়াৰণ্যৰ ৰাধাচু এলেকাত প্রায় ৩০জনীয়া অৰুণাচলী পুৰুষ-মহিলাৰ এটা দলে বন বিভাগ আৰু অসম আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি ১৬ জাঁই গুলী বৰ্ষণ কৰা ঘটনাই সমগ্র জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ বিহালী অভয়াৰণ্যৰ বনজ সম্পদ ধ্বংস কৰি জনাঞ্চল হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অৰুণাচল প্রদেশ প্ৰশাসনৰ পৰোক্ষ সহযোগত একাংশ অৰুণাচলী লোকে আগ্রাসন চলাইছে। তথ্য মতে পূর্বত যি এলেকালৈকে বেদখল চলাই অসমৰ ভূমি দখল কৰিছিল শেহতীয়াভাৱে সেই এলেকাৰ পৰা প্ৰায় ৫ কিল'মিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি বনজ সম্পদ ধ্বংস কৰি খোপনি পোতাৰ চেষ্টা চলাইছিল অৰুণাচলী দুর্বৃত্তৰ দলটোৱে। অৰুণাচলীৰ এই দলটোয়ে অভয়াৰণ্যখনৰ ৰাধাচু কেম্পৰ অন্তৰ্গত এক বিস্তীর্ণ অঞ্চলত গছ-বন কাটি ঘৰ বনায়। সেই সময়তে কালি ৰাধাচু কেম্পৰ ১৩ অসম আৰক্ষী বেটেলিয়ন আৰু ডিকাল কেম্পৰ বন সুৰক্ষা কৰ্মীৰ যৌথ এটা টহলদাৰী দলে উক্ত অঞ্চলত প্ৰৱেশ কৰি গছ কটাত বাধা দিয়াৰ সময়তে অৰুণাচলী দুর্বৃত্তৰ দলটোত থকা মহিলাসকলে হাতে হাতে দা লৈ উগ্রমূর্তি ধাৰণ কৰে আৰু দুর্বৃত্তৰ দলটোৰ একাংশই অসমৰ টহলদাৰী দলটোলৈ লক্ষ্য কৰি ১৬ জাঁই গুলী বর্ষণ কৰে। লগে লগে সুৰক্ষাৰ স্বাৰ্থত অসমৰ টহলদাৰী দলটোয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। 

ইফালে বিহালী অভয়াৰণ্যৰ ভিতৰত অৰুণাচলী দুর্বৃত্তৰ দলে গুলী চালনা কৰা ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কালি বিশ্বনাথ জিলাৰ উপায়ুক্ত কৰবী শইকীয়া কৰণ, বন বিভাগৰ ডি এফ অ' চম্পক ডেকা, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক অজাগৌড়ান বসুমতাৰীসহ এক বিশাল প্রশাসনিক দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, 'এই সমস্যা দীর্ঘদিনীয়া। চৰকাৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ এই জটিল সমস্যা সমাধানৰ বাবে নিশ্চিতভাৱে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিব।' আনহাতে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই কয়, '৮০ দশকৰ পৰা চলি অহা এই বিবাদ মীমাংসাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্রক্রিয়া অব্যাহত আছে। অৰুণাচলৰ পাপুমপাৰে জিলা আৰু বিশ্বনাথ জিলাৰ সীমান্তৰ অংশটোৰ সমস্যা সমাধান হ'বলৈ বাকী আছে, আশা কৰোঁ অতি শীঘ্ৰে ইয়াৰো স্থায়ী অৱসান ঘটিব।'

Share This