২৬ নৱেম্বৰৰ পৰা নামদফা পখিলা উৎসৱ

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অহা ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব 'নামদফা বাটাৰফ্লাই ফেষ্টিভেল' বা নামদফা পখিলা উৎসৱ। নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত অঞ্চলৰ ক্ষেত্ৰ সঞ্চালক এ কে ডেকাই কয় যে অঞ্চলটোৰ জৈৱ-বৈচিত্র্যক উদযাপন কৰা এই পখিলা উৎসৱ অনুষ্ঠিত হ'ব মিয়াওৰ খাচাং গাঁৱত।

তিনিদিনীয়া এই উৎসৱৰ লক্ষ্য হৈছে প্রকৃতিপ্রেমী, গৱেষক আৰু স্থানীয় জনগোষ্ঠীসমূহক সমৱেত কৰোৱা। উল্লেখযোগ্য যে নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল হৈছে বিশ্বৰ সৰ্বাধিক জৈৱ-বৈচিত্র্যৰ উল্লেখনীয় স্থানসমূহৰ অন্যতম। ইয়াত পখিলাৰ ৫ শতাধিক প্রজাতি আছে।

বিশ্বৰ আটাইতকৈ চালে চকুৰোৱা পখিলাৰ ই বাসস্থান। সেইবোৰৰ ভিতৰত আছে কাইচাৰ-ই-হিন্দ, ব্লু মৰমন, পীকক পেন্থি আৰু কাচিৎহে দেখা জিগ-জেগ ফ্লেট আৰু য়েল্ল' ভেইন্ড লেন্সাৰ।

Share This