অৰুণাচলৰ নামচাইৰ নামটাউত আই ই ডি উদ্ধাৰ

dainik janambhumi July 20, 2025

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ নামটাউ গাঁৱৰ এটা পথৰ কালভাৰ্টৰ তলত আছাম ৰাইফলছ, চি আৰ পি এফ আৰু নামচাই আৰক্ষীৰ যৌথ অভিযানত এটা আইইডি (ইম্প্র'ভাইচ এক্সপ্ল'চিভ ডিভাইচ) উদ্ধাৰ কৰিছে। সন্দেহ কৰা মতে, এই আই ই ডিটো নিৰাপত্তা বাহিনীক লক্ষ্য কৰি স্থাপন কৰা হৈছিল।

যিহেতু এই পথটো প্রায়ে নিৰাপত্তা বাহিনীয়ে উগ্রপন্থী অভিযানৰ বাবে ব্যৱহাৰ কৰি আহিছে। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আই ই ডিটো উদ্ধাৰ হোৱাৰ বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। আনহাতে অলপতে ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত হোৱা ড্র'ন আক্ৰমণৰ ঘটনাৰ পাছত আলফাই ইয়াৰ পোটক তুলিবলৈও এই কার্য কৰাৰ সন্দেহ প্রকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে। আই ই ডি উদ্ধাৰ হোৱাৰ পাছত আছাম ৰাইফলছে নিৰাপদে বিস্ফোৰকটো বোমা বিশেষজ্ঞৰ দ্বাৰা নিষ্ক্রিয় কৰাৰ চেষ্টা কৰিছে।

Share This