ছিজি নদীৰ প্ৰৱাহ বন্ধঃ ভয়ংকৰ বানৰ আশংকা, ভয়ংকৰ ভূমিস্খলনত অৰুণাচলত সৃষ্টি হ'ল কৃত্রিম হ্রদ

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ নিম্ন চিয়াং জিলাত সংঘটিত বৃহৎ ভূমিস্খলনে জৰুৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে। উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী পত্ৰ অনুসৰি, নাৰী মহকুমাৰ কয়ু চাৰ্কলৰ কয়ু, লগলু আৰু টাবি ৰিপো গাঁও ভূমিস্খলনৰ ফলত বিপদৰ সন্মুখীন হৈছে। 

কালি সন্ধিয়া প্রায় ৫ বজাত ছিজি-মাগি ব্লক পইন্টত সংঘটিত এক বৃহৎ ভূমিস্খলনৰ ফলত ছিজি নদীৰ স্বাভাৱিক প্ৰৱাহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ ফলত নদীৰ ওপৰত কৃত্রিম হ্ৰদৰ সৃষ্টি হয়। পানী দ্রুতগতিত জমা হোৱাৰ ফলত যিকোনো মুহূৰ্ততে হঠাতে বানৰ সৃষ্টি হৈ তলৰ অঞ্চলসমূহত ব্যাপক ক্ষতি সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। 

ইফালে, আকাজান, লিকাবালি, বামে পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু পথ পুনৰ যাতায়াতৰ বাবে মুকলি কৰিবলৈ যথেষ্ট সময় লাগিব বুলি প্রশাসনে জনাইছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি নিম্ন চিয়াং জিলা প্রশাসনে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক তাৎক্ষণিকভাৱে কয়ু আৰু লিকাবালিত এন ডি আৰ এফৰ দল মোতায়েন কৰিবলৈ অনুৰোধ জনাইছে। প্রশাসনে এই পৰিস্থিতিক অতি সংকটজনক আৰু জীৱন-সংশ্লিষ্ট বিপজ্জনক বুলি উল্লেখ কৰিছে।

Share This