ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশৰ লেপাৰেদা জিলাত চিনাক্ত হোৱা পখিলাৰ নতুন প্রজাতি এটাক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদি 'ইউথালিয়া জুবিনগার্গী' নামেৰে নামকৰণ কৰিছে। পখিলাৰ প্রজাতিবিধক লগতে স্থানীয়ভাৱে বাছাৰ ডিউক হিচাপেও নাম দিছে আৱিষ্কাৰকদ্বয় ৰোচন উপাধ্যায় আৰু কালেশ সদাশিৱনে।
অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ কনিষ্টবল তথা বাটাৰফ্লাই মেন অব্ অৰুণাচল প্রদেশ হিচাপে খ্যাত সম্প্রতি পঞ্জাবৰ আৰ আই এম টি বিশ্ববিদ্যালয়ৰ গৱেষক ৰোচন উপাধ্যায় আৰু ট্রাভাংকৰ নেচাৰেল হিষ্ট্রী ছ'চাইটিৰ কালেশ সদাশিৱনে ২০২৫ চনত কৰা ক্ষেত্ৰ জৰীপৰ সময়ত এই পখিলাবিধ পর্যবেক্ষণ কৰি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পুংখানুপুংখকৈ অধ্যয়ন কৰাৰ পাছত এইটো এটা নতুন প্রজাতি বুলি নিশ্চিত হয়। তেওঁলোকে কৰা এই অনুসন্ধান ভাৰতীয় বেচৰকাৰী সংস্থা এছ'চিয়েশ্যন ফৰ এডভান্সমেন্ট অফ এন্ট'ম'লজিৰ প্ৰকাশিত ত্রৈমাসিক আলোচনী এণ্ট 'মনৰ শেহতীয়া সংখ্যাত প্রকাশ পাইছে।
উল্লেখযোগ্য যে মাহজোৰা পৰ্যবেক্ষণৰ পাছতো এই প্ৰজাতিৰ কেৱল দুটা মতা পখিলাহে নথিভুক্ত কৰিবলৈ সক্ষম হৈছিল; এটা সংগ্রহ কৰা নমুনা আৰু আনটো বন্য অৱস্থাত ফটো তুলি। এই প্রজাতিটো সম্ভৱতঃ বিৰল বা অতি সীমিত অঞ্চলত পোৱা যায়। পখিলাটো ইউথালিয়া গণৰ অন্তর্ভুক্ত। এই গোট দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে পোৱা যায়। এই গোটৰ প্রজাতিসমূহ সাধাৰণতে অৰণ্যত দেখা যায় আৰু মটীয়া ৰঙৰ ডেউকাত ম্লান দাগ থকাৰ বাবে পৰিচিত। নতুনকৈ চিনাক্ত কৰা এই প্ৰজাতিটো ইয়াৰ পৃথক ডেউকাৰ আৰ্হি, সিৰাবিন্যাস গঠনগত বৈশিষ্ট্যৰ বাবে স্বকীয়, যিয়ে ইয়াক এক পৃথক প্রজাতি হিচাপে নিশ্চিত কৰাত সহায় কৰিছে। ক্ষেত্র পর্যবেক্ষণত জানিব পৰা গৈছে যে ইউথালিয়া জুবিনগার্গিয়ে শীতল, ছায়াযুক্ত অৰণ্যৰ অভ্যন্তৰভাগ পচন্দ কৰে। নিম্ন স্তৰৰ উদ্ভিদত জিৰাই থকা, গছৰ ৰস খোৱা আৰু মাজে-সময়ে জুৰিৰ ওচৰৰ আৰ্দ্ৰ পৃষ্ঠৰ পৰা খনিজ পদাৰ্থ সংগ্ৰহ কৰা অৱস্থাত পখিলাটোৰ বিচৰণ কৰে।
উল্লেখযোগ্য যে বর্তমানেও পখিলাটোৰ জীৱনচক্র, ইয়াৰ প্ৰজনন প্রক্রিয়া আৰু আশ্রয়দাতা উদ্ভিদৰ বিষয়ে এতিয়াও বহুখিনি অজ্ঞাত হৈয়ে আছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এই গণৰ ৮০তকৈও অধিক প্ৰজাতিৰ নথিভুক্ত কৰা হৈছে।