অৰুণাচল প্ৰদেশৰ লিকাবালিত প্রাক্তন সেনাৰ বিশাল সমাৱেশ

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক : দেশৰ সেনাই কালি অৰুণাচল প্ৰদেশৰ লিকাবালিত প্রাক্তন সেনাসকলৰে সংযোগ শক্তিশালী কৰাৰ উদ্দেশ্যে এক বিশাল ৰেলী অনুষ্ঠিত কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক তথা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই সমাৱেশত ডেৰ হাজাৰৰো অধিক প্রবীণ সেনাই অংশ লয়। এই সমাৱেশৰ প্ৰধান উদ্দেশ্য আছিল প্রবীণ সৈনিকসকলৰ সৈতে যোগাযোগ শক্তিশালী কৰা। পেঞ্চন বিতৰণৰ বিজুতি, মাটি আৰু আইনী বিষয় তথা প্রবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে সন্মুখীন হোৱা অন্যান্য প্রত্যাহ্বানসমূহকে ধৰি মূল সমস্যাসমূহৰ সমাধান কৰা। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল কে টি পৰনাইকে সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 

ভাষণত ৰাজ্যপালগৰাকীয়ে প্রবীণ সৈনিকসকলৰ অমূল্য অৱদান আৰু জাতিৰ সেৱাত জোৱানসকলে কৰা সর্বোচ্চ ত্যাগৰ ওপৰত আলোকপাত কৰে। ৰাজ্যিক সৈনিক ব'ৰ্ড ইটানগৰ, ডিব্ৰুগড় আৰু লখিমপুৰৰ জিলা সৈনিক কল্যাণ কার্যালয়, পিচিডিএ গুৱাহাটী, ইচিএইচএছ ৰেকৰ্ড কাৰ্যালয়ৰ প্ৰতিনিধিৰ লগতে সভাস্থলীত উপস্থিত ৰাজ্য আৰু জিলা প্রশাসন, চৰকাৰী সংস্থাসহ বিভিন্ন বেংকৰ বিষয়াসকলে প্রবীণ সৈনিকসকলৰ অভিযোগ নিষ্পত্তি কৰাত সক্রিয়ভাৱে সহায় কৰাৰ লগতে প্রয়োজনীয় নির্দেশনা আৰু সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে এই সমাৱেশতে পুনৰ সংস্থাপন আঁচনি, দ্বিতীয় কেৰিয়াৰৰ পথ আৰু সেনা কল্যাণ সংস্থাপন সংস্থা (এডব্লিউ পি অ') ৰ দ্বাৰা সহায়ক হোৱা পুনৰ নিয়োগৰ সুযোগৰ বিষয়েও প্রবীণ সৈনিকসকলক অৱগত কৰা হয়। 

উপস্থিতসকলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এক বিস্তৃত চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। এই উপলক্ষে বীৰ নাৰী, বীৰ মাতৃ, বীৰ কন্যা, বিশেষ শিশু আৰু বিশেষ সেৱা আগবঢ়োৱা প্রবীণ সৈনিকসকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত সৈনিক স্কুল বুকচিনৰ ছাত্র-ছাত্রী আৰু এন চি চিৰ কেডেটসকলে দেশপ্ৰেমৰ আৰু যৌৱনৰ চানেকি প্ৰদৰ্শনেৰে এক সাংস্কৃতিক কার্যসূচী উপস্থাপন কৰে।

Share This