বন্দে ভাৰত ট্ৰেইনত সংযোগ কৰা হ’ব নতুনকৈ ৮ হাজাৰ ডবা! কোটি-কোটি টকাৰ হ’ব খৰচ

Jyoti Borah July 29, 2023

 

ডিজিটেল ডেস্কঃ বন্দে ভাৰত এক্সপ্ৰেছ সন্দৰ্ভত ভাৰতীয় ৰেলৱেৰ নতুন ঘোষণা। আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অহা কেইবছৰমানৰ ভিতৰত মুঠ ৮০০০ টা বন্দে ভাৰত এক্সপ্ৰেছ ডবা নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰা হৈছে। এই ৮০০০টা দবাৰ ঠাইত পুৰণি ডবাসমূহৰ সাল-সলনি কৰা হ’ব। প্ৰতিবেদনত কোৱা হৈছে যে এই ছেমি হাই স্পীড ট্ৰেইনছেটসমূহৰ অধিক উন্নতিৰ পৰিকল্পনা কৰা হৈছে।


উল্লেখ্য যে, আৰামদায়ক ভ্ৰমণ আৰু ভাল সুবিধা থকা ভ্ৰমণৰ বাবে বিখ্যাত বন্দে ভাৰত ৰেল। বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল ১৬টা ডবাৰে গঠিত যদিও প্ৰয়োজন অনুসৰি ৮টা ডবাৰে চলাব পাৰিব। বৰ্তমান দেশৰ প্ৰায়বোৰ ৰাজ্যতে ইয়াক পৰিচালনা কৰা হৈছে আৰু কেইবছৰমানৰ ভিতৰতে ইয়াক দেশৰ বাকী ৰেলপথসমূহৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি আগন্তুক উৎপাদনত প্ৰায় দুই তৃতীয়াংশ ডবা নিৰ্মাণ কৰা হ’ব।

১৬টা ডবাৰ ট্ৰেইনছেটৰ খৰচ প্ৰায় ১৩০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। চেন্নাইৰ ইন্টিগ্ৰেল কোচ ফেক্টৰী (আই চি এফ)ক শ্লীপাৰ ভেৰিয়েণ্টৰ ৩২০০ টা বন্দে ভাৰত ডবা নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই পৰ্যন্ত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ বাবে কেৱল বহিব পৰা ডবাবোৰহে সাজু কৰা হৈছে। পৰিকল্পিত সম্প্ৰসাৰণৰ লগে লগে আইচিএফত ১৬০০টা ডবা উৎপাদন হ’ব, বাকীখিনি এমচিএফ-ৰায় বৰেলী আৰু আৰচিএফ-কাপুৰথালাই নিৰ্মাণ কৰিব।

এই বিত্তীয় বৰ্ষত বন্দে ভাৰতৰ ৰেকৰ সংখ্যাও ২৫ৰ বিপৰীতে ৭৫টা হোৱাৰ সম্ভাৱনা আছে। ৰে’ল মন্ত্ৰালয়ৰ বিষয়াসকলৰ মতে, এই বছৰ প্ৰায় ৭০০ টা বন্দে ভাৰতৰ ডবা উৎপাদন হোৱাৰ সম্ভাৱনা আছে। আৰু ২০২৪-২৫ চনত এক হাজাৰ অতিৰিক্ত ট্ৰেইনাৰ নিৰ্মাণ কৰা হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে অহা বছৰৰ আৰম্ভণিতে বন্দে ভাৰতৰ শ্লীপাৰ ভেৰিয়েণ্টৰ প্ৰথমখন ৰে’ল নিৰ্মাণ কৰা হ’ব। এই ৰেলখন দীৰ্ঘ দূৰত্বৰ ৰেলৰ দৰে চলিব। ইয়াক ৰাজধানীৰ দৰেই প্ৰথম ৫০০ কিলোমিটাৰ দূৰত্বলৈ চলোৱা হ’ব।

উল্লেখ্য যে বন্দে ভাৰতৰ কোচ উৎপাদনৰ বাবে কিছুমান কোম্পানীক নিবিদা দিয়া হৈছে। ৰাছিয়াৰ ৰোলিং ষ্টক মেজৰ টি এম এইচে ভাৰতৰ ৰেল বিকাশ নিগম লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে শ্লীপাৰ ভেৰিয়েণ্টকে ধৰি ১২০খন বন্দে ভাৰত নিৰ্মাণ কৰিব। তদুপৰি ভেলক অনুৰূপ ৮০টা ডবা নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও ফ্ৰান্সৰ মেজৰ এলষ্টমে এলুমিনিয়ামৰ বডি লগোৱা ১০০খন বন্দে ভাৰত ৰে’ল নিৰ্মাণৰ কামত জড়িত হ’ব।

Share This