কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহলৈ যেন ৰাম-ৰাৱণহে আহিল, আশুতোষ ৰাণাৰ 'হামাৰে ৰাম' চাই মন্ত্রমুগ্ধ দর্শক

dainik janambhumi June 07, 2026

ডিজিটেল ডেস্ক : সময় তেতিয়া বিয়লি তিনি বাজিছিল। দর্শকেৰে ঠাহ খাই থকা কলাক্ষেত্ৰৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কাঁহ পৰি জীন যোৱা ১২০০ৰো অধিক দৰ্শকৰ অকল্পনীয় নিস্তব্ধতাৰ মাজেৰে দৰ্শকৰ মাজৰ পৰা ৰাৱণৰ সাজত সাম্প্ৰতিক সময়ৰ দেশৰ অন্যতম শক্তিশালী অভিনেতা আশুতোষ ৰাণা যেতিয়া মঞ্চলৈ উঠি গ'ল তেতিয়া যেন ৰোমাঞ্চিত দর্শকসকল সঁচাকৈয়ে ৰামায়ণৰ পাততহে সোমাই পৰিলে। 

সহস্রাধিক নেত্ৰৰ বিস্ময় বিমুগ্ধ দৃষ্টিৰ মাজেৰে দশানন ৰাৱণৰ ৰূপত যেতিয়া আশুতোষ ৰাণাই শিৱৰ যজ্ঞ আৰম্ভ কৰিলে, ৰাৱণে যেতিয়া নাৰিকলৰ অভাৱত নিজৰ শিৰশ্ছেদ কৰি যজ্ঞত আহুতি দিলে আৰু ৰাৱণৰ যজ্ঞত সন্তুষ্ট শিৱই যেতিয়া ৰাৱণক দহটা মূৰ উপহাৰ দিলে তেতিয়া মানুহে পাহৰি গ'ল যে প্রকৃততে মঞ্চত আশুতোষ ৰাণাৰ অভিনয় চাই আছে নে সঁচাকৈয়ে ৰামক বধিবৰ বাবে দৈত্যৰাজ ৰাৱণে কৰা যজ্ঞত উপস্থিত আছে! এক কথা আশুতোষ ৰাণা আৰু তেওঁৰ দলে প্ৰদৰ্শন কৰা অনবদ্য কলাই উপস্থিতসকলৰ মনোজগতক লৈ গ'ল এনে এক স্তৰলৈ য'ত অভিনয় আৰু কল্পনাৰ পাৰ্থক্য বিচাৰি নোপোৱা হ'ল নাটক চাবলৈ ২ বজাতেই কলাক্ষেত্রত আসন গ্রহণ কৰা ১৫০০ৰো অধিক দর্শকে। 

কলাক্ষেত্ৰত মঞ্চস্থ হোৱা নাটকখনৰ দৃশ্যপট, কলা নির্দেশনা আদি ইমানেই উচ্চ মানৰ আছিল যে দৰ্শকে চকুৰ পলক পেলাবলৈ পাহৰি গৈছিল। বিশেষকৈ সীতাৰ অগ্নি পৰীক্ষাৰ সময়ত সীতা মঞ্চ ভেদি পাতাললৈ সোমাই যোৱাটো আছিল এক অসাধাৰণ কলা নিৰ্দেশকৰ চমকপ্রদ কাৰিকৰী কুশলতা। সেইদৰে জটায়ু, পক্ষী আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধখনেও প্রতিফলিত কৰিছিল বৰ্তমান কলাক কাৰিকৰী স্পৰ্শই কি পর্যায়লৈ লৈ গৈছে। মুঠতে দর্শকক কল্পনা আৰু কলাৰ সীমা বাৰে বাৰে পাৰ হৈ যাবলৈ বাধ্য কৰাইছিল বলিষ্ঠ অভিনয়েৰে মঞ্চ কঁপাই থকা অভিনেতাসকলে। নামেই যাৰ পৰিচয় সেই আশুতোষ ৰাণা আৰু তেওঁৰ সহশিল্পীসকলৰ কল্পনাতীত দুর্দান্ত অভিনয়েৰে সমৃদ্ধ আৰু গৌৰৱ ভৰদ্বাজৰ দ্বাৰা পৰিচালিত ৰামায়ণৰ নাট্যৰূপ 'হামাৰে ৰাম' বিগত দুটা বৰ্ষত দেশে-বিদেশে ৪৭৪টা দর্শনী কৰি দেশ-বিদেশৰ হাজাৰ হাজাৰ দৰ্শকক মন্ত্রমুগ্ধ কৰি উঠি কালি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীত মঞ্চস্থ হয়। 

অকল্পনীয় অভিনয়েৰে ৰাম-ৰাৱণক আক্ষৰিক অৰ্থত কালি কলাক্ষেত্রলৈ নমাই অনা 'হামাৰে ৰাম' চাই থকাসকলে পাহৰি গৈছিল সময়ৰ সংজ্ঞা। মাথোঁ বিস্ফোৰিত নেত্ৰৰে আৰু অপাৰ কৌতূহলেৰে মঞ্চত প্ৰত্যক্ষ কৰি গৈছিল ৰাম, ৰাৱণ, লৱ-কুশ, সীতাৰ হৃদয়স্পর্শী অভিনয়। শুনিলে আচৰিত হ'ব যে কালি আশুতোষ ৰাণাই নিজেই কৈছে যে দেশৰ বিভিন্ন প্রান্তত এজন মানুহে ২০বাৰলৈকে এই নাটকখন চাইছে। 'সময় পাৰ হৈ যাব, আমি সকলো এই পৃথিৱী এৰি গুচি যাম, কিন্তু যেতিয়ালৈকে সৃষ্টি থাকিব তেতিয়ালৈকে ৰাম থাকিব আৰু যেতিয়ালৈকে ৰাম থাকিব তেতিয়ালৈকে স্মৃতিত ৰাৱণো থাকিব। কাৰণ ৰাৱণৰ জীৱন আচলতে ৰামময় হোৱাৰহে যাত্ৰা আছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৰামায়ণে এইটোহে শিকায় যে জীৱনত কষ্ট থাকিলেহে ইষ্ট থাকিব। যিদৰে ৰাৱণ আছিল কাৰণেই ৰাম আছিল। এইদৰে ৰাম কথাই আচলতে আমাৰ অভ্যন্তৰীণ জগতখনহে প্রতিফলিত কৰে।' 

নিজৰ অসাধাৰণ অভিনয়েৰে এক অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱা আশুটোষ ৰাণাই এই অনুভৱেৰেই ২ বছৰ পূৰ্বে ৰাম কথা মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছিল আৰু ৰাণাৰ এই 'হামাৰে ৰাম' চাবলৈ কেৱল দেশতে নহয় বিদেশতো হলভর্তি দর্শকে আকুলভাৱে অপেক্ষা কৰি থাকে। দ্বিতীয়বাৰৰ বাবে অসমলৈ অহা আশুতোষ ৰাণাই কালি কয়-'অসম মা কামাখ্যাৰ নগৰী, মাৰ প্ৰদেশ, য'ত মা স্বয়ং বিৰাজমান তাত শক্তিও আছে, সংস্কাৰো আছে, সেয়ে, অসমৰ যি প্রাকৃতিক সৌন্দর্য সেয়া অনন্য, অসমত শক্তিৰ সমন্বয় ঘটে আৰু অসম হৈছে সংস্কাৰৰ উৎস।'

Share This