ডিজিটেল ডেস্ক: দুই অসম কন্যাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মিশ্রিত ফল লাভ কৰিছে। সেই অনুসৰি অংকুশিতা বড়োৱে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ জয়ী লাভলীনা বৰগোহাঁয়ে ছেমি ফাইনেলত অপ্রত্যাশিত পৰাজয়েৰে প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।
অংকুশিতাই পেৰিছ অলিম্পিকৰ ব্ৰঞ্জ জয়ী চাইনীজ টাইপেইৰ নিন-চিন চেনৰ হাতত ৬৫ কেজি শাখাৰ ছেমি ফাইনেলত ০-৩ ব্যৱধানত পৰাজয়েৰে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকে। ইফালে, লাভলীনাই ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জয়ী উজবেকিস্তানৰ আজিজা জকিৰোভাৰ হাতত ০-৫ ব্যৱধানত পৰাজয়বৰণ কৰে।