৪৩ বছৰৰ পূৰ্বৰ কথা সুঁৱৰি বিভোৰ কলানুৰাগী, যোৰহাটত 'ককাদেউতা নাতি আৰু হাতী-২'ৰ গীত মুকলি

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক: 'এক দুই তিনি চাৰি... যুটি দিলোঁ গৰু গাড়ী... হাতীয়ে চলায়...' 

৪৩ বছৰৰ পূৰ্বৰ এই কালজয়ী গীতটি কালি সন্ধিয়া যোৰহাট থিয়েটাৰত দৰ্শক, শ্রোতা তথা কলানুৰাগীৰে পৰিপূৰ্ণ হৈ থকা সমাহিত পৰিৱেশত ৩০টা নাতিসদৃশ কণ কণ শিশুৰ কণ্ঠত গুঞ্জৰিত হৈ উঠাৰ সময়তেই তাহানিৰ ককাৰ চৰিত্ৰত প্ৰয়াত নিপন গোস্বামীয়ে অভিনয় কৰা দৃশ্যপটৰ সোঁৱৰণীৰ বাটেৰে বহুজন বিভোৰ হৈ পৰিল। এনে সময়তেই প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাঃ লিঃৰ উপাধ্যক্ষ জাৰিৰ হুছেইনে যোৰহাট থিয়েটাৰৰ মঞ্চত উপস্থিত হৈ সম্প্ৰতি মুক্তিৰ ক্ষণ গণি থকা 'ককাদেউতা নাতি আৰু হাতী-২' শীর্ষক নতুন বোলছবিখনৰ কালি দুটি গীত যোৰহাটত আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ আয়োজন কৰা অনুষ্ঠানত উপস্থিত থকা যোৰহাটৰ কলানুৰাগী, দর্শক-শ্রোতাক সম্ভাষণ জনায়। প্রসংগক্রমে হুছেইনে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাঃ লিঃৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা কালিৰ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও একান্তই জৰুৰী ব্যস্ততাৰ বাবে তেওঁ থাকিব নোৱৰাৰ বিষয়ে অৱগত কৰে। 

কালিৰ অনুষ্ঠানত উপস্থিত থাকি 'ককাদেউতা নাতি আৰু হাতী-২'ৰ পৰিচালক বিশ্বজিৎ বৰাই চাৰিটা দশকৰ আগৰ ছবিখনৰ দৰেই অহা ৩ জুলাইত ৰাজ্যৰ ছবিঘৰলৈ আহিব লগা নতুন কাৰিকৰী প্ৰযুক্তিৰে উন্নত ৰূপত নিৰ্মাণ কৰি উলিওৱা একে নামৰ ছবিখনকো যোৰহাটবাসীয়ে আদৰ কৰিব বুলি আশা প্রকাশ কৰে। প্ৰসংগক্রমে সাম্প্রতিক অসমীয়া ছবিজগতৰ সফল পৰিচালক বৰাই ১৯৮৩ চনৰ কালজয়ী চিনেমা তথা বৰেণ্য পৰিচালক নিপ বৰুৱাই পৰিচালনা কৰা 'ককাদেউতা হাতী আৰু নাতি'ৰ লিগেচী এই নতুন ছবিখনত ধৰি ৰখাৰ চেষ্টা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। 

'ককাদেউতা হাতী আৰু নাতি-২'ৰ প্ৰডাকশ্যন ভেল্যু বহু ভাল বুলি পৰিচালক বৰাই নিজৰ চমু অনুভৱত উল্লেখ কৰি আমাৰ সমাজ জীৱনত সম্প্ৰতি হেৰাই যাবলৈ ধৰা মানৱীয় প্রমূল্যবোধ নতুন ছবিখনত ধৰি ৰখাৰ বাবে চেষ্টা কৰা হৈছে বুলিও উল্লেখ কৰে। কালিৰ অনুষ্ঠানত উপস্থিত থকা ছবিখনত বৰ্তমান ককাৰ ভূমিকাত অভিনয় কৰা বিশিষ্ট অভিনেতা, যোৰহাটৰ সুযোগ্য সন্তান প্রাঞ্জল শইকীয়াই যোৰহাটৰ শংকৰদেৱ ছেমিনাৰীত স্কুলীয়া জীৱনৰ পৰা যৌৱনত জে বি কলেজ, যোৰহাট থিয়েটাৰৰ মঞ্চৰ অভিনয়কো স্মৰণ কৰি শৈক্ষিক নগৰী যোৰহাটৰ সংস্কৃতিৱানে ব্যয় বহুল প্রডাকশ্যনৰ এই নতুন ছবিখনক আদৰি ল'ব বুলি কয়। প্ৰসংগক্রমে বিশিষ্ট অভিনেতাগৰাকীয়ে ৪৩ বছৰৰ আগৰ ছবিখনত কেনেদৰে আৱেগ জড়িত হৈ আছে, সেই কথাও উল্লেখ কৰি তাহানিৰ ছবিখনত নাতি হৈ সম্প্রতি তেওঁ ককাক হোৱাৰ অন্তৰালত ড° হিমন্ত বিশ্বৰ লগত যেন ক'ৰবাত সংযোগ আছে, সেই কথা উল্লেখ কৰে। 

কালিৰ অনুষ্ঠানত ছবিখনৰ শিল্পী, কলা-কুশলীসকলৰ ভিতৰত প্ৰীতি কংকনা, উৎপল দাস, জয় বৰুৱা, ইবচনলাল বৰুৱা আদিও উপস্থিত থাকে। নতুন ছবিখনৰ প্ৰায় সত্তৰ শতাংশ দৃশ্যগ্রহণ যোৰহাট আৰু তিতাবৰৰ বিভিন্ন লোকেশ্যনত সম্পন্ন হয়। ছবিখনৰ গীত মুকলি কৰা কালিৰ অনুষ্ঠানটোৰ আঁত ধৰে ঘোষিকা মেদিনীয়ে। 

উল্লেখযোগ্য যে যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ ৩০টি শিশুৱে কণ্ঠশিল্পী জয়ন্ত নাথৰ তত্ত্বাৱধানত আৰম্ভণিতে পৰিৱেশন কৰা 'এক, দুই, তিনি, চাৰি যুটি দিলোঁ গৰু গাড়ী' শীর্ষক গীতটি পৰিৱেশন কৰাৰ সময়ত ৪৩ বছৰৰ পূৰ্বৰ ছবিখনত কণ্ঠদান কৰা সুখ্যাত কণ্ঠশিল্পী কোকিলা গোস্বামীৰ লগতে আন এগৰাকী সুকণ্ঠী শিল্পী জয়া ইৰানীয়েও কণ্ঠদান কৰাত সমগ্ৰ পৰিৱেশটোৱেই সোণত সুৱগা চৰাৰ দৰে হৈ পৰিছিল। 'ককাদেউতা হাতী আৰু নাতি-২' ছবিখনৰ গীত মুকলিৰ কালিৰ কাৰ্যসূচীৰ পাছতেই জয় বৰুৱাকে ধৰি বিভিন্নজনে গীত পৰিৱেশন কৰে।

Share This