ভগা-ছিগা বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত, বছৰ বছৰ ধৰি গোৱৰাদলবাসীৰ দুর্ভোগ চৰকাৰৰ হস্তক্ষেপ দাবী ৰাইজৰ

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : থৰক-বৰক ভগা দলঙৰ ওপৰেৰে বিপদসংকুলভাৱে বছৰৰ পাছত বছৰ যাতায়াত কৰি দুর্ভোগ ভুগিবলগীয়া হৈছে নলবাৰী জিলাৰ নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱৰাদল গাঁৱৰ ৰাইজে। আজিও জহি-খহি যোৱা বাঁহৰ দলঙৰ ওপৰেৰে অতি বিপজ্জনকভাৱে হাতৰ মুঠিত জীৱনটো লৈ অহা-যোৱা কৰে অঞ্চলবাসীয়ে। 

উল্লেখযোগ্য যে পূৰ্বৰ বৰমা সমষ্টিৰ সম্প্ৰতি নৱগঠিত টিহু বিধানসভা সমষ্টি তথা নলবাৰী জিলাখনৰ টিহু-মথুৰাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৬ নং পূব নামবৰভাগ গাঁও পঞ্চায়তৰ আওতাত পৰা বৰমা-কৈঠালকুছি লোকনির্মাণ পথৰ গোৱৰাদলৰ পদ্মপাৰা আৰু লংকা চুবুৰিৰ মাজেৰে পশ্চিম গোৱৰাদল সংযোগী গ্রাম্য পথটো বৃহত্তৰ অঞ্চলবাসীৰ যাতায়াতৰ একমাত্র তথা মুখ্য পথ। বৃহত্তৰ পশ্চিম গোৱৰাদলৰ জনসাধাৰণৰ অফিচ-কাছাৰী, বজাৰ-সমাৰ, স্কুল-কলেজ, চিকিৎসালয় আদিলৈ অহা-যোৱা কৰাৰ একমাত্র সম্বল হ'ল উক্ত গ্রাম্য পথটো। 

২০২২ চনত মৰাপাগলদিয়া নৈৰ প্রলয়ংকৰী বানে উক্ত গ্রাম্য পথটোৰ বহু অংশ ছিঙি নিয়াৰ পাছৰে পৰা আজিলৈকে অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে। বিগত ২০২২ বৰ্ষৰ মৰাপাগলদিয়া নৈৰ বলিয়া বানে অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ একমাত্র গ্রাম্য পথটোৰ কেইবাঠাইতো ছিগি বিধ্বস্ত কৰাত পথটোৰ তিনি ঠাইত তিনিখন বাঁহৰ দলং নিৰ্মাণ কৰি কোনোমতে ৰাইজে বহিঃজগতৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল যদিও পিছলৈ দলংকেইখন ভাগি-ছিগি জৰাজীৰ্ণ হৈ পৰাত সম্প্ৰতি অঞ্চলসমূহৰ ৰাইজে মৰণক শৰণ দি ভগা দলঙেৰে বিপজ্জনকভাৱে অহা-যোৱা কৰিব লগা হৈছে। আনকি ভগা দলঙৰ পৰা পৰি ইতিমধ্যে বহুজন আঘাতপ্রাপ্ত হৈছে বুলি ৰাইজে উল্লেখ কৰিছে। 

সময়ে সময়ে ৰাইজে বানত ছিগা এই পথটো মেৰামতি 
কৰিবলৈ স্থানীয় বিধায়ক, খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগক পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছত বিগত বৰ্ষৰ আৰম্ভণিতে পঞ্চায়তৰ ফালৰ পৰা পথটোৰ এঠাইত এটি পকী কালভার্ট নির্মাণ কৰে যদিও কালভার্টৰ দুয়োমুৰে ৰাইজে বাহৰ দলং নিৰ্মাণ কৰিয়েই আজিও যাতায়াত কৰি থাকিব লগা হৈছে বুলি একাংশ ৰাইজে অভিযোগ কৰে। লগতে বানে তচনচ কৰি যোৱাৰ প্ৰায় চাৰি বছৰ পাৰ হৈ যোৱাৰ পাছতো পথটোৰ মেৰামতি নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। 

পথটোৰ বিধ্বস্ত অৱস্থাই এতিয়া যাতায়াতৰ ক্ষেত্ৰত জলা-কলা খুৱাইছে স্থানীয় ৰাইজক। বিশেষকৈ বৃদ্ধ আৰু শিশুসকলৰ ক্ষেত্ৰত অত্যন্ত ভয়াৱহ হৈ পৰিছে পথটো। আনফালে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰিলে, কিন্তু বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ থকা উক্ত গ্রাম্য পথটো এই বাৰ জনপ্রতিনিধিৰ চকুত পৰিবনে? ৰাইজে যাতায়াতৰ ক্ষেত্ৰত পাই অহা দুখ-দুর্দশাৰ এইবাৰ অৱসান ঘটিবনে বুলি এতিয়া গোৱৰাদলবাসীৰ মাজত প্ৰশ্নৰ উদ্রেক ঘটিছে।

Share This